ETV Bharat / state

ফুটবল প্ৰতিযোগিতাত বিজয়ী হেজেলবেংক চাহ বাগিচা দল

author img

By

Published : Dec 28, 2020, 7:32 PM IST

মোহনবাৰী চাহ বাগিচাত মুঠ 40 টা দলৰ অংশগ্ৰহণেৰে দুমাহ ধৰি অনুষ্ঠিত প্ৰাইজমানী ফুটবল টুৰ্ণামেন্টৰ বিজয়ী দলৰ খিতাপ হেজেলবেংক চাহ বাগিচালৈ ৷ একেদৰে, বিজিত দলৰ সন্মান শ্ৰীনিৱাস লেৱৰেটৰী একাদশলৈ ৷

hazelbank-tea-estate-won-the-final-prize-money-football-tournament-at-mohanbari
মোহনবাৰীৰ প্ৰাইজমানী ফুটবল টুৰ্ণামেন্টত হেজেলবেংক চাহ বাগিচালৈ চূড়ান্ত বিজয়ীৰ খিতাপ

ডিব্ৰুগড়, 28 ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ মোহনবাৰী চাহ বাগিচাত মুঠ 40 টা দলৰ অংশগ্ৰহণেৰে দুমাহ ধৰি অনুষ্ঠিত প্ৰাইজমানী ফুটবল টুৰ্ণামেন্টৰ দেওবাৰে হোৱা ফাইনেলত হেজেলবেংক চাহ বাগিচাই ইকৰাতলী শ্ৰীনিৱাস লেৱৰেটৰী একাদশক 1 গলৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ।

চূড়ান্ত খেলখনত দুয়োটা দলে আক্ৰমণ-প্ৰত্যাক্ৰমেৰে গল দিবৰ বাবে উপৰ্যুপুৰি চেষ্টা চলাই যদিও মেছখন নিৰ্ধাৰিত সময়লৈকে সমতা স্থাপন হোৱাৰ পিচত টাইব্ৰেকাৰ পদ্ধতি অৱলম্বন কৰাত হেজেলবেংক চাহ বাগিচাই ইকৰাতলীৰ শ্ৰীনিৱাস লেৱৰেটৰী একাদশ 1 গলৰ ব্যৱধানত পৰাস্ত কৰে ।

খেলৰ অন্তত বঁটা বিতৰণি অনুষ্ঠানত চেম্পিয়ন দলক ট্ৰফীসহ নগদ দহ হেজাৰ আৰু বিজিত দলক স্বৰ্গীয় বিতু কৰ্মকাৰ সোঁৱৰণী ট্ৰফীসহ পাঁচ হেজাৰ টকাৰে পুৰস্কৃত কৰা হয় । টুৰ্ণামেন্টৰ মেন অৱ দা মেছ হেজেলবেংক চাহ বাগিচাৰ সুদক্ষ খেলুৱৈ সঞ্জয় তাঁতীলৈ আগবঢ়োৱা হয় ।

লগতে পঢ়ক : কৃষি আইন বাতিল নকৰিলে পুনৰ অনশনত বহিব আন্না হাজাৰ

আনহাতে, মেন অৱ দা ছিৰিজৰ স্বৰ্গীয় পংকজ গৰাইত সোঁৱৰণী ট্ৰফী লাভ কৰে একেটা দলৰ খেলুৱৈ মহুৰা ওৰাঙে । খেলৰ আৰম্ভণিতে ডিকমৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজ সেৱক অজয় গগৈ, মোহনবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অভাজ্যোতি ৰাভা, মোহনবাৰী গাঁও পঞ্চায়তৰ সভাপতি নিখিল ৰঞ্জন বৰুৱা, প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী মন্দিৰা বৈদ্য, ডিগবৈ আৰ-ডি কলেজৰ স্বত্বাধিকাৰী মনোজ ধানোৱাৰকে আদি কৰি কেইবাজনো গণ্যমান্য ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ৷

উল্লেখ্য যে, খেল পৰিচালনা কৰে সোণাৰ ৰায় ঘাটোৱাৰ আৰু তেওঁক লাইনত সহায় কৰে কফুল গগৈ, দেৱ গগৈ, চতুৰ্থ ৰেফাৰী দেৱৰাজ মিৰ্ধাই ।

লগতে পঢ়ক : মহানগৰীত থলুৱা খাদ্যৰ সোৱাদ দিয়াৰ চেষ্টা যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.