ETV Bharat / state

টিংখাঙৰ ঔফুলীয়া চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি - Havoc for workers protest at Ofulia tea Estate of Tingkhang for wages

ভাৰত চৰকাৰৰ নিদেৰ্শনা অনুসৰি বাগিচা কৰ্তৃপক্ষৰ তৰফৰ পৰা পাবলগীয়া 1 হাজাৰ টকা নোপোৱাৰ বাবে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক সকলে ৷

Havoc for workers protest at Ofulia tea Estate of Tingkhang for wages
টিংখাঙৰ ঔফুলীয়া চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি
author img

By

Published : May 19, 2020, 7:46 PM IST

টিংখাং, 19 মে': লক ডাউনৰ মাজতে সোমবাৰে ডিব্ৰুগড়ৰ জিলাৰ টিংখাঙৰ ঔফুলীয়া চাহ বাগিচাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ ভাৰত চৰকাৰৰ নিদেৰ্শনা অনুসৰি বাগিচা কৰ্তৃপক্ষৰ তৰফৰ পৰা পাবলগীয়া 1 হাজাৰ টকা নোপোৱাৰ বাবে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক সকলে ৷ ইয়াৰ ওপৰিও শ্ৰমিকৰ ভৱিষ্যত নিধিৰ নামত 2016 চনৰ পৰাই বাগিচাৰ কৰ্তৃপক্ষই ধন কৰ্তন কৰি ৰাখিছে যদিও ভৱিষ্যনিধি একাউন্টত আজি পৰ্যন্ত এটকাও ধন জমা নোহোৱাৰ অভিযোগ শ্ৰমিক সকলৰ ৷

টিংখাঙৰ ঔফুলীয়া চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে, লক ডাউনৰ বাবে সকলো ধৰণৰ কাম কাজৰ লগতে বাগিচাৰ কাম কাজ বন্ধ হৈ থকাৰ বাবে বাগিচাৰ শ্ৰমিকসকলক বাগিচা কৰ্তৃপক্ষৰ তৰফৰ মজুৰি দিয়াৰ আহ্বান জনাইছিল ভাৰত চৰকাৰে ৷ ইয়াৰ পাছতে অসমৰ প্ৰায় সমুহ বাগিচাই ভাৰত চৰকাৰৰ নিদেৰ্শনা মতে শ্ৰমিকক 1 হাজাৰ টকাকৈ মজুৰি প্ৰদান কৰিছে যদিও টিংখাঙৰ ঔফুলীয়া চাহ বাগিচাৰ শ্ৰমিকসকলক কোনো ধৰণৰ মজুৰি কিম্বা সুবিধা প্ৰদান কৰা নাই বাগিচা কৰ্তৃপক্ষই ৷ ইয়াৰ বাবে ক্ষুব্ধ হৈ পৰা শ্ৰমিক সকলে সোমবাৰে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰে ৷ ইয়াৰ লগতে শ্ৰমিকৰ ভৱিষ্যত নিধিৰ নামত 2016 চনৰ পৰাই বাগিচাৰ কৰ্তৃপক্ষই ধন কৰ্তন কৰি ৰাখিছে যদিও ভৱিষ্যনিধি একাউন্টত আজি পৰ্যন্ত এটকাও ধন জমা নোহোৱাৰ অভিযোগ উত্থাপন কৰে শ্ৰমিক সকলে৷

লগতেঃ COVID 19 বিশেষ ৰাজধানী ৰে'ল উপস্থিত মৰিয়নীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.