ETV Bharat / state

ডিব্ৰুগড়ত হেণ্ড চেনিটাইজাৰ বিতৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ

সোমবাৰে ডিব্ৰুগড়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মাৰ সহযোগত প্ৰেছ ক্লাবে ডিব্ৰুগড়ৰ সাংবাদিক সকলক হেণ্ড চেনিটাইজাৰ বিতৰণ কৰে ৷ ইয়াৰোপৰি জৰুৰীকালীন সেৱাত ব্যস্ত থকা আৰক্ষী, পৌৰকৰ্মী আদি লোক সকলকো প্ৰদান কৰা হয় চেনিটাইজাৰ ৷

হেণ্ড চেনিটাইজাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ

author img

By

Published : Mar 23, 2020, 5:23 PM IST

ডিব্ৰুগড়, 22 মাৰ্চঃ কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে ডিব্ৰুগড় প্ৰেছ ক্লাবে ডিব্ৰুগড়ৰ সাংবাদিক সকললৈ হেণ্ড চেনিটাইজাৰ বিতৰণ কৰে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মাৰ সহযোগত হেণ্ড চেনিটাইজাৰ সমূহ প্ৰদান কৰা হয় ৷ ক্লাবৰ সম্পাদক ৰাতুল গোঁহাইয়ে আঁত ধৰা অনুষ্ঠানত ক্লাবৰ সভাপতি মনজিৎ শৰ্মা, ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক অনিল পোদ্দাৰ, ক্লাবৰ প্ৰাক্তন সম্পাদক সুৰজ দত্ত, আলোচনী সম্পাদক যাদৱ গগৈ উপস্থিত থাকে ৷

ডিব্ৰুগড়ত হেণ্ড চেনিটাইজাৰ বিতৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ

উল্লেখ্য যে, বজাৰত হেণ্ড চেনিটাইজাৰৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি জনস্বাস্থ্য কাৰিকৰী বিভাগে প্ৰস্তুত কৰা হেণ্ড চেনিটাইজাৰ জৰুৰীকালীন সেৱাত ব্যস্ত থকা আৰক্ষী, পৌৰকৰ্মী আদি লোককো প্ৰদান কৰা হয় ৷ আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত 5 লিটাৰ হেণ্ড চেনিটাইজাৰ বিতৰণ কৰি সাংবাদিক সকলক সকলোৰে লগত পাৰ্যমানে দূৰত্ব বজাই ৰাখি অতি সজাগতাৰে বাতৰি প্ৰস্তুত কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়কঃ কৰ'ণাৰ সজাগতা : বৰপেটাত স্তব্ধ জনজীৱন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.