মৰাণ,3 জানুৱাৰী : 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই প্ৰতিটো সমষ্টিতে তৎপৰতা বৃদ্ধি পাইছে শাসক-বিৰোধী দলসমূহৰ ৷ ইয়াৰ মাজতে মাহমৰা সমষ্টিত কংগ্ৰেছ দলত সৃষ্টি হৈছে ব্যাপক খহনীয়া ৷ শনিবাৰে ৰাজহ আৰু ৰাজ্যিক গড়কাপ্তানি বিভাগৰ মন্ত্ৰী যোগেন মহনৰ তৎপৰতাত বহু কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে বিজেপিত ৷
ইতিমধ্যেই কংগ্ৰেছৰ কেইবাগৰাকী প্ৰভাৱশালী নেতায়ো যোগদান কৰিছে গেৰুৱা দলটোত ৷ সমান্তৰালকৈ মাহমৰা সমষ্টিতো শাসক দল বিজেপিৰ তুলনাত বিৰোধী দল কংগ্ৰেছ বিশেষ দলীয় কাম-কাজ আগবঢ়াবলৈ সক্ষম হোৱা নাই ৷ এনে পৰিস্থিতিতে কংগ্ৰেছ কৰ্মীসকলৰ বিজেপি গমনে আগন্তুক নিৰ্বাচনত কংগ্ৰেছক যথেষ্ট ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা প্ৰকট হৈছে ৷