ETV Bharat / state

ঐতিহ্যমণ্ডিত ডিব্ৰুগড়ৰ জকাই গৰখীয়া থানত অনুষ্ঠিত গৰখীয়া সবাহ - Jokai Gorokhiya Than

ঐতিহ্যমণ্ডিত ডিব্ৰুগড়ৰ জকাই গৰখীয়া থানত অনুষ্ঠিত হৈছে গৰখীয়া সবাহ (Gorokhiya Xobah at Jokai Gorokhiya Than) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই ভিৰ কৰিছেহি উক্ত গৰখীয়া সবাহত ৷

Gorokhiya Xobah
জকাই গৰখীয়া থানত অনুষ্ঠিত গৰখীয়া সবাহ
author img

By

Published : Sep 11, 2022, 6:04 PM IST

ডিব্ৰুগড়, 11 ছেপ্টেম্বৰ : দেওবাৰে ঐতিহ্যমণ্ডিত ডিব্ৰুগড়ৰ জকাই গৰখীয়া থানত আয়োজন কৰা হয় গৰখীয়া সবাহ । বিগত বৰ্ষৰ দৰে এইবাৰো অতি উলহ-মালহেৰে পালন কৰা হৈছে গৰখীয়া সবাহৰ (Gorokhiya Xobah at Jokai Gorokhiya Than)। জকাই বন কৈৱৰ্ত গাঁৱৰ এৰাসুঁতি নৈৰ পাৰত শ্ৰীকৃষ্ণৰ গৰখীয়া থানত পুৱাৰ ভাগৰে পৰা অগণন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয় ৷

এই গৰখীয়া সবাহলৈ ডিব্ৰুগড় জিলাৰ উপৰিও উজনিৰ কেইবাখনো জিলাৰ পৰা ভক্তই আহি মনৰ কামনাৰ অৰ্থে নেদেখাজনৰ শ্ৰী চৰণত চাকি-বন্তি জ্বলাই সেৱা সৎকাৰ কৰি আশিস লয় । উল্লেখ্য যে, 1951 চনৰ পৰাই উদযাপন কৰি অহা হৈছে এই গৰখীয়া সবাহৰ ৷ এই সবাহৰো আছে বিশেষ তাৎপৰ্য ।

জকাই গৰখীয়া থানত অনুষ্ঠিত গৰখীয়া সবাহ

প্ৰবাদ মতে, বৰভূঁইকপৰ সময়ত গৰু চৰাবলৈ অহা গৰখীয়াসকলে গৰখীয়া সবাহ পাতি ভোজ-ভাত খাইছিল । সেইদিন ধৰি আজি পৰ্যন্তলৈকে অতি উলহ-মালহেৰে প্ৰতি বছৰে পবিত্ৰ ভাদ মাহত এই সবাহ অনুষ্ঠিত কৰা হয় ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে জকাই গৰখীয়া থানৰ আয়োজকসকলে ৷

আনহাতে, এই গৰখীয়া সবাহৰ লগত সংগতি ৰাখি নিশালৈ আয়োজকসকলে আয়োজন কৰিছে এখনি ভাওনা আৰু নাম কীৰ্তনৰো । এই কথা ব্যক্ত কৰিছে আয়োজক কমিটিৰ এগৰাকী সদস্যই ৷

লগতে পঢ়ক : কলিয়াবৰত বিশ্বকৰ্মা পূজাৰ ব্যাপক প্ৰস্তুতি: মূৰ্তি নিৰ্মাণত ব্যস্ত দুই ভগ্নী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.