ETV Bharat / state

মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ

1971 চনত স্থাপিত মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ে ভৰি দিলে সোণালী জয়ন্তী বৰ্ষত ৷ বৃহস্পতিবাৰে সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্তৰ লগতে মৰাণৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ৷

মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ
মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ
author img

By

Published : Oct 1, 2020, 2:25 PM IST

মৰাণ, 1 অক্টোবৰ: সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ে ৷ বৃহস্পতিবাৰে সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্তৰ লগতে মৰাণৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ৷ বিশিষ্ট দিনটোতে অন্ধ বিদ্যালয়ৰ পৰিয়ালবৰ্গই কৰ'ণা মহামাৰীৰ সৈতে যুঁজ দিবলৈ জিলা উপায়ুক্তৰ যোগেৰে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ প্ৰদান কৰে ১,৩৪,০০১ টকাৰ অনুদান ৷

মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ

জিলা উপায়ুক্ত গৰাকীয়ে বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ এনে পদক্ষেপৰ শলাগ লোৱাৰ লগতে, তেওঁ মৰাণ অন্ধ বিদ্যালয়ক এখন প্ৰেৰণামূলক স্থান বুলি উল্লেখ কৰে ৷ তেওঁৰ মতে বিদ্যালয় খনলৈ আহিলে প্ৰতিবাৰেই কিবা এটা লৈ যাব পাৰি ৷ লগতে তেওঁ বিদ্যালয়ৰ পৰিৱেশ পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ পৰা আৰম্ভ কৰি সামগ্ৰিক উন্নয়নৰ বিষয় সন্দৰ্ভে বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয় ৷

উল্লেখ্য যে, 1971 চনত মৰাণৰ ডোমৰ দলং (ৰাইদঙীয়া) গাঁৱত কেৱল দুগৰাকী দৃষ্টিহীন শিক্ষাৰ্থীৰে আৰম্ভ কৰা বিদ্যালয়খন পৰৱৰ্তী সময়ত ফটিকাছোৱালৈ স্থানান্তৰিত কৰা হয় ৷ সম্প্ৰতি প্ৰায় 4 কুৰি শিক্ষাৰ্থী আৰু শিক্ষকেৰে পূৰ্ণ পৰ্যায়ৰ শিক্ষানুষ্ঠানলৈ পৰিণত হৈছে বিদ্যালয় খন ৷ তৎকালীন সময়ৰ ঔফুলীয়া চাহ বাগিচাৰ পৰিচালক মেজৰ এছ.এন বেনাৰ্জী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, বৃহৎ চাহ কোম্পানী উইলিয়ামছন মেগৰ, মৰাণ টী কোম্পানী এণ্ড য়ুল গ্ৰুপ আদিৰ ওপৰিও অইল ইণ্ডিয়া লিমিটেড, তেল আৰু প্ৰাকৃতিক গেছ নিগম আদিৰ পৃষ্ঠপোষকতা লাভ কৰি আজিৰ পৰ্যায় লাভ কৰিছে বিদ্যালয় খনে ৷ মেজৰ এছ.এন বেনাৰ্জীৰ মৃত্যুৰ পাচত তেওঁৰ পুত্ৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা ভিক্টৰ বেনাৰ্জীৰ পৰিচালনাত সম্প্ৰতি মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয় ৰাজ্যখনৰ ভিতৰতে এখন পূৰ্ণ পৰ্যায়ৰ দৃষ্টিহীন বিদ্যালয় ৰূপে পৰিগণিত হৈছে ৷

লগতে পঢ়ক: আঁচনি হ'ল,কামতহে নহ'ল ; খাবলৈ নাই বিশুদ্ধ খোৱাপানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.