ETV Bharat / state

নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সৰৱ AJYCP - কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী

নামনি সোৱণিশিৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অসমৰ জাতীয়-জনগোষ্ঠীয় দল সংগঠন কৰি অহা প্ৰতিবাদক আওকান কৰিছে চৰকাৰে ৷ কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰি থকা জলবোমা সদৃশ দুই হাজাৰ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো এনএইচপিচিয়ে গোপনে সম্পূৰ্ণ কৰিছে নিমাৰ্ণকাৰ্য ৷ আতংকিত হৈ পৰিছে নামনি অঞ্চলৰ জনসাধাৰণ ৷

নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সৰৱ AJYCP

author img

By

Published : Aug 28, 2021, 8:35 PM IST

মৰাণ, 28 আগষ্ট: তীব্ৰ অস্তিত্বৰ সংকতত ভুগিছে সোৱণশিৰি বৃহৎ নদীবান্ধৰ বাবে নামনি অঞ্চল ৰাইজ ৷ কিয়নো দল সংগঠনৰ তীব্ৰ প্ৰতিবাদৰ পাছতো ইয়াক আওকাণ কৰি সোৱণশিৰি বহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ পাছতে এতিয়া বান্ধৰ গাৰ্ড ৱাল ভাগি পৰাত অধিক সংকিত হৈ পৰিছে কাষৰীয়া জিলা সমূহৰ সাধাৰণ জনতা ৷

উল্লেখযোগ্য যে, নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অসমৰ জাতীয়-জনগোষ্ঠীয় দল সংগঠন সমূহে কৰি অহা প্ৰতিবাদক আওকান কৰি কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰি থকা জলবোমা সদৃশ দুই হাজাৰ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ নিমাৰ্ণকাৰ্য গোপনে সম্পূৰ্ণ কৰিছে এনএইচপিচিয়ে ৷

ভূমিকম্প প্ৰৱণ অঞ্চলত বৃহৎ নদী বান্ধ নিৰ্মাণ কৰা ব্যৱস্থাটো নিৰাপদ নহয় বুলি বিশেষজ্ঞ সকলে ইতিমধ্যে প্ৰতিবেদনৰ জৰিয়তে উল্লেখ কৰিছে ৷ তাৰোপৰি এই প্ৰকল্পটোৱে পৰৱৰ্তী সময়ত নামনি অঞ্চলৰ ৰাইজক ভয়ংকৰ বিপদত পেলাব বুলি পূৰ্বে বহুবাৰ কৰিছে উল্লেখ ৷ তাৰ পাচতো প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে এনএইচপিচিয়ে ৷

নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সৰৱ AJYCP

লগতে পঢ়কঃ ছয়গাঁৱত বিলাতী সুৰাসহ দুজনক আটক

আনহাতে বিগত নিৰ্বাচনৰ পূৰ্ৱে বৰ্তমানৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং সহ বিজেপি দলেও এই প্ৰকল্পটো নিৰ্মাণৰ বিৰোধীতা কৰিছিল ৷ বিৰোধীতা কৰাই নহয়, জন সমৰ্থন লৈ পৰৱৰ্তী সময়ত চৰকাৰ দখল কৰিবলৈও সক্ষম হৈছিল বিজেপি দল ৷

শাসনৰ গাদী দখল কৰাৰ পাচতো ওলোটা খৰ মাৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰকল্পটো নিৰ্মাণ কৰাতহে উঠি পৰি লাগিছে ৷ যিটো অসমৰ জনসাধাৰণৰ বাবে দুৰ্ভাগ্যপূৰ্ণ বুলি বিভিন্ন দল সংগঠনে ক্ষোভ প্ৰকাশ কৰি আহিছে ৷

জানিবপৰা মতে, 2022 চনত উদ্ধোধন কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰ তথা এনএইচপিচিয়ে ৷ ইপিনে এই বৃহৎ প্ৰকল্পটোৰ পৰা অসমে কি পাব সেই সৰ্ন্দভত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক স্পষ্ট কৰিবলৈ আহ্বান জনাইছে যুৱ ছাত্ৰ-পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে ৷

লগতে চাংমাই কয় ধেমাজি-লখিমপুৰৰ জনতাক বিপদত পেলাই এনে নদীবান্ধ কোনো কাৰণতে কাম্য নহয় বুলি উল্লেখ কৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ব্যাপক আন্দোলনৰ কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়কঃ কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে আক্ৰাছুৰ কলা পতাকা উৰুৱাই প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.