ETV Bharat / state

নাহৰকটীয়াত অনুষ্ঠিত হ'ল আগছুৰ বাৰ্ষিক সাধাৰণ সভা

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু), নাহৰকটীয়া আঞ্চলিক সমিতিৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত ৷ বিজেপি নেতৃত্বাধীন চৰকাৰে গোৰ্খা জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত কোনো পদক্ষেপ নোলোৱাক লৈ সভাত উদ্বেগ প্ৰকাশ ৷ আগছুৰ বিভিন্ন সাংগঠনিক দিশৰ লগতে আগন্তুক দিনৰ বিভিন্ন পৰিকল্পনা লৈ বিশদ আলোচনা ৷

author img

By

Published : Sep 29, 2020, 12:27 PM IST

নাহৰকটীয়াত আগছুৰ বাৰ্ষিক সাধাৰণ সভা
নাহৰকটীয়াত আগছুৰ বাৰ্ষিক সাধাৰণ সভা

নাহৰকটীয়া, 29 চেপ্তেম্বৰ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু) ৰ বিভিন্ন সাংগঠনিক দিশৰ আলোচনা তথা ভৱিষ্যত পৰিকল্পনাৰে দেওবাৰে আগছুৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয় ৷ নাহৰকটীয়াৰ বালিজান পঞ্চজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এই সভাত আগছুৰ বিভিন্ন সাংগঠনিক দিশৰ ওপৰত বিশদভাৱে আলোচনা কৰাৰ লগতে গোৰ্খা ছাত্ৰ সন্থাৰ আগন্তুক দিনৰ বিভিন্ন পৰিকল্পনাৰ বিষয়ে আলোচনা তথা প্ৰস্তাৱ গ্ৰহণ কৰে ৷

নাহৰকটীয়াত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বাৰ্ষিক সাধাৰণ সভা

সংগঠনটোৰ নাহৰকটীয়া আঞ্চলিকৰ সভাপতি পুস্কৰ শৰ্মাৰ পৌৰাহিত্যত অনুষ্ঠিত এই সভাত সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা অজয় কুমাৰ আলে বিজেপি চৰকাৰে গোৰ্খা জনগোষ্ঠীক বিভিন্ন ধৰণে উপেক্ষা কৰি অহা বিষয়টোত উদ্বেগ প্ৰকাশ কৰে ৷ তেওঁ কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ গোৰ্খা সকলৰ উন্নয়নৰ প্ৰতি চৰকাৰৰ কোনো সদ্দিচ্ছা নাই ৷ তেওঁ অভিযোগ কৰে যে চৰকাৰে বিগত দিনত গোৰ্খা জনগোষ্ঠীৰ কল্যাণাৰ্থে ঘোষণা কৰা বিভিন্ন আঁচনি সমূহ বৰ্তমানেও ঘোষণাতেই সীমিত ৰাখি জনগোষ্ঠীটোক চৰম প্ৰতাৰণা কৰিছে ৷

শেহতীয়াকৈ ৰাজহুৱা হোৱা বিপ্লৱ কুমাৰ শৰ্মাৰ অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত প্ৰকাশ কৰা প্ৰতিবেদনত অতীতৰে‌ পৰা অসম ভূমিত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ ভাষা-সংস্কৃতিৰ বিকাশ তথা সংৰক্ষণৰ বিষয় উল্লেখ নোহোৱাত সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰে। আগন্তুক ছমাহৰ ভিতৰত নাহৰকটীয়া অঞ্চলত বৃহৎ "ছাত্ৰ অভিবৰ্তন" অনুষ্ঠিত কৰা, গোৰ্খা ছাত্ৰ সন্থাৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা, বৃহত্তৰ গোৰ্খা ৰাইজক একত্ৰিত কৰি ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত কৰা, বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰয়োজনত আন্দোলনৰ কাৰ্যসূচী ঘোষণা ‌কৰা আদি বিভিন্ন প্ৰস্তাৱ সভাই সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে ৷

লগতে পঢ়ক: ডিব্ৰুগড়ৰ লেজাই-কলাখোৱাত অব্য়াহত বানৰ বিভীষিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.