ETV Bharat / state

Sonowal Kachari Gana Mancha : সোণোৱাল-কছাৰী জনগোষ্ঠীক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ সোণোৱাল-কছাৰী গণ মঞ্চৰ - সোণোৱাল কছাৰী গণ মঞ্চ

চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ সোণোৱাল-কছাৰী গণ মঞ্চৰ ৷ ডিব্ৰুগড়ৰ নিজ মানকটাত বুধবাৰে অনুষ্ঠিত হয় সোণোৱাল-কছাৰী গণ মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সভা আৰু প্ৰতিষ্ঠা দিৱস ৷ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সংগঠনটোৰ ৷

Sonowal Kachari Gana Mancha
চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগ সোণোৱাল কছাৰী গণ মঞ্চৰ
author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 8:50 PM IST

সোণোৱাল কছাৰী গণ মঞ্চৰ প্ৰতিষ্ঠা দিৱস

ডিব্ৰুগড়, 11 অক্টোবৰ : লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে সোণোৱাল-কছাৰী গণ মঞ্চ, অসম ৷ অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল-কছাৰী জনগোষ্ঠীৰ ৰাজনৈতিক সুৰক্ষা, সমষ্টি সংৰক্ষণ আৰু প্ৰাৰ্থী নিশ্চিতকৰণৰ দাবীত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সোণোৱাল-কছাৰী গণ মঞ্চৰ ৷ জনগোষ্ঠীটোৰ ন্যাৰ্য দাবীক চৰকাৰে এতিয়াও গুৰুত্ব সহকাৰে লোৱা নাই বুলি অভিযোগ সংগঠনটোৰ নেতৃত্বৰ ৷

ডিব্ৰুগড়ৰ নিজ মানকটাত বুধবাৰে অনুষ্ঠিত হয় সোণোৱাল-কছাৰী গণ মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সভা আৰু প্ৰতিষ্ঠা দিৱস ৷ এই সভাতেই সোণোৱাল-কছাৰী ৰাইজক প্ৰতিখন চৰকাৰে কেৱল প্ৰলোভন দি ৰাজনৈতিক ভাৱে ব্যৱহাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ বিগত সময়ত প্ৰতিটো নিৰ্বাচনতে বিজেপি শাসিত মিত্ৰজোঁট চৰকাৰে সোণোৱাল-কছাৰী ৰাইজক লৈ চৰম মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত সোণোৱাল-কছাৰী জনগোষ্ঠীয়ে বিজেপি, অগপ আৰু ইউ পিপিএলক সমূলঞ্চে উৎখাত কৰিব বুলি হুংকাৰ প্ৰদান কৰে সোণোৱাল-কছাৰী গণ মঞ্চৰ নেতৃত্বই ৷

উল্লেখ্য যে, সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰি সাম্প্ৰতিক সময়ত গণতন্ত্ৰ, আইনৰ প্ৰতি গভীৰ সংকট নামি আহিছে বুলি উল্লেখ কৰে ৷ প্ৰসংগক্ৰমে মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে ম্যাদী পট্টা নহ’ল বুলি উল্লেখ কৰি চৰকাৰী মাটি চিনাক্ত কৰি দখলৰ ব্লুপ্ৰিণ্ট ৰচিলে বুলিও মন্তব্য কৰে ৷ লগতে সোণোৱাল-কছাৰী জনগোষ্ঠীক ষষ্ঠ অনুসূচীৰ অধীনত পূৰ্ণ স্বায়ত্ত শাসন প্ৰদানৰো দাবী তোলে লুৰীণজ্যোতি গগৈয়ে ৷

উল্লেখ্য যে সোণোৱাল-কছাৰী গণ মঞ্চই সোণোৱাল-কছাৰী অধ্যুষিত অঞ্চল সমূহত শক্তিশালী ভাৱে সাংগঠনিক কাম-কাজ কৰি থকা পৰিলক্ষিত হৈছে ৷ চৰকাৰৰ অধীনত সোণোৱাল-কছাৰী স্বায়ত্ত শাসিত পৰিষদ আছে যদিও এই পৰিষদৰ লগতে চৰকাৰৰ কাম-কাজক আৰম্ভণিৰে পৰা সমালোচনা কৰি আহিছে সোণোৱাল কছাৰী গণ মঞ্চই ৷

লগতে পঢ়ক : BJP slams Congress: অন্য দলত স্থান নোপোৱা আৱৰ্জনাইহে যোগ দিয়ে কংগ্ৰেছত: জয়ন্তমল্ল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.