ডিব্ৰুগড়, 23 জানুৱাৰী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উখল-মাখল পৰিৱেশ । উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ নাহৰৰ দেশত এতিয়া চৌদিশে কবিতা,গীত-মাতৰ জোঁৱাৰ । কিয়নো শুকুৰবাৰৰ পৰা বিশ্ববিদ্যালয়খনত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ অধিৱেশন ।
পুৱা 9 বজাত বন্তি প্ৰজ্বলনেৰে অধিৱেশনখনৰ আৰম্ভণি হোৱাৰ পিচতে অনুষ্ঠিত হৈছে ইটোৰ পিছত সিটো শৈক্ষিক, বৌদ্ধিক,সাংস্কৃতিক অনুষ্ঠান । অধিৱেশনখনৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হৈছে ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে নাহৰৰ গ্ৰন্থ উৎসৱ শীৰ্ষক এখন গ্ৰন্থমেলা, য'ত উপলব্ধ হৈছে বিভিন্ন মূল্যৱান গ্ৰন্থ ।
আনহাতে, শুকুৰবাৰে আবেলি অনুষ্ঠিত হয় বাঙ্ময় স্ৰোত শীৰ্ষক এখন কবি সন্মিলন, য'ত ভিৰ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ কেইবাগৰাকীও যুব কবিয়ে । এনেদৰেই বিভিন্ন অনুষ্ঠানৰ মাজেৰে তিনিদিনীয়া কাৰ্যসূচীৰে দেওবাৰলৈকে অনুষ্ঠিত হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ অধিৱেশনখন ।
লগতে পঢ়ক : ব্ৰাজিলে লাভ কৰিলে ভাৰতৰ কোভিড প্ৰতিষেধক