ETV Bharat / state

জনগোষ্ঠীৰ উন্নয়নৰ বাবে ঘোষণা ধন চৰকাৰে শ্বহীদ পৰিয়ালক প্ৰদান কৰকঃ লিটুল বুঢ়াগোঁ‌হাই

খোৱাঙৰ বাঁ‌হনি পথাৰত দেওবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গণ সমাৱেশ অনুষ্ঠিত হয় ৷ সমাৱেশখনত অংশগ্ৰহণ কৰে গায়ক কুসুম কৈলাশে ৷ উপস্থিত সকলোৱে একেমুখে নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷

খোৱাঙৰ বাঁ‌হনি পথাৰত চি এ এ ৰ বিৰুদ্ধে গণ সমাৱেশ
নাগৰিকত্ব সংশোধনী আইন
author img

By

Published : Dec 29, 2019, 9:35 PM IST

ডিব্ৰুগড়,২৯ ডিচেম্বৰঃ দেওবাৰৰ দিনটোত খোৱাঙৰ বাঁ‌হনি পথাৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে একত্ৰিত হয় শতাধিক পুৰুষ-মহিলা । সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আটাছু ডিব্ৰুগড় জিলা সমিতিয়ে এই কাৰ্যসূচীৰ আয়োজন কৰে ৷ সংগঠনটোৰ সভাপতি লিটুল বুঢ়াগোঁ‌হাইয়ে গণ সমাৱেশত অংশ লৈ চৰকাৰক সমালোচনা কৰে ৷

খোৱাঙৰ বাঁ‌হনি পথাৰত চি এ এ ৰ বিৰুদ্ধে গণ সমাৱেশ

সমাৱেশখনত অংশগ্ৰহণ কৰে গায়ক কুসুম কৈলাশে ৷ লগতে উপস্থিত থাকে প্ৰাক্তন আছু নেতা তথা সাংবাদিক যদুনাথ পুৰী, চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ক্ষীৰোদ শইকীয়া, সোণোৱাল কছাৰী গণমঞ্চৰ সভাপতি দীপক শইকীয়া, আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দেবেন ওৰাং, আছুৰ ডিব্ৰুগড় জিলাৰ সহকাৰী সাধাৰণ সম্পাদক ৰাহুল কোঁ‌ৱৰ, প্ৰগতিশীল নাৰী সন্থাৰ ডিব্ৰুগড়ৰ উপ-সভানেত্ৰী হীৰাৰাণী চেতিয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ উপস্থিত সকলোৱে একেমুখে নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷

লগতে চাওকঃফোন ধৰিলে "হেল্ল'"ৰ পৰিৱৰ্তে কওক "জয় আই অসম"

Intro:

প্ৰতিবেদক মৰাণ, ২৯ ডিচেম্বৰঃ

সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত ৰাজ্যখনৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছে প্ৰতিবাদী সভা । হাজাৰ হাজাৰ প্ৰতিবাদী জনতাৰ কন্ঠই কঁ‌পাইছে অসমৰ আকাশ-বতাহ । আজি খোৱাঙৰ বাঁ‌হনি পথাৰত জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে উলাই আহিল শ শ পুৰুষ-মহিলা । সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত, আটাছু ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত, আটাছু খোৱাং আঞ্চলিক সমিতি, বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠন আৰু খোৱাংবাসী ৰাইজৰ সহযোগত খোৱাং বাঁ‌হনি পথাৰ ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত কৰা বিশাল গণ সমাবেশত সমবেত হয় কেইবা শতাধিক জনতা । প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড লৈ ‘কা’ বাতিল কৰক আৰু জয় আই অসম ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে | সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি লিটুল বুঢ়াগোঁ‌হাইয়ে গণ সমাৱেশত অংশলৈ কয় চৰকাৰে শান্তি সমদল কৰি শক্তি দেখুৱাইছে । ৰাইজৰ ধনেৰে শান্তি সমদল কৰাতকৈ শ্বহীদ পৰিয়ালক দিয়ক । সঁচা অৰ্থত ৰাইজৰ কথা চিন্তা কৰিবলৈ লওক সৰ্বা ,হিমন্তই । অসমীয়া মানুহৰ আৱেগক লৈ নেখেলিবলৈ আমি চৰকাৰক সকীয়াই দিছো ।
লগতে তেওঁ কয় আমাৰ জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে আঢ়ৈ কোটি দিম বুলি ঘোষণা কৰিছে সেইটো আমাৰ প্ৰাপ্য । কিন্তু ধন দিলেও আমি জাতি ধ্বংসকাৰী আইন কোনো দিন মানি নলওঁ । সমাৱেশত অংশগ্ৰহণ কৰি জনপ্ৰিয় শিল্পী কুসুম কৈলাশে কয় “আমি সকলো জাতি জনগোষ্ঠী এক হৈ থাকিব লাগিব । আমি মানুহ চিনি পোৱাত ভুল কৰিলো । কেন্দ্ৰীয় চৰকাৰে আমাক ভাগ ভাগ কৰিব বিছাৰিছে । আমি কিন্তু সচেতন হ'বৰ হ'ল ।” তেওঁ লগতে ৰাজ্য চৰকাৰখনক সমালোচনা কৰি কয়," চৰকাৰে আমাৰ শিল্পী সকলক পঞ্চাশ হাজাৰ টকা দিয়াৰ লোভ দেখুৱাইছে ।” তেওঁ কয়, ‘চৰকাৰে ‘কা’ বাতিল কৰক আমি শিল্পী সকলে এক লাখ টকাকৈ চৰকাৰক দিম ।’ আনহাতে সমাৱেশত উপস্থিত থাকি প্ৰাক্তন আছু নেতা তথা সাংবাদিক যদু নাথ পুৰীয়ে কয়, ‘সৰ্বা, হিমন্তই আমাক ঠগিলে । আৰু ঠগিবলৈ দিয়া নহ'ব । আমি ৰাইজ এতিয়া একত্ৰিত হৈছো । যিকোনো মূল্যৰ বিনিময়ত হলেও ‘কা’ বাতিল কৰিবই লাগিব ।’ চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ক্ষীৰোদ শইকীয়াই এই সমাৱেশত উপস্থিত থাকি বিজেপি চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে জাতিধ্বংসী আইনখন বাতিল কৰিবলৈ দাবী জনায় । আজিৰ এই সমাৱেশত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি লিটুল বুঢ়াগোঁ‌হাই, সোনোৱাল কছাৰী গণ মঞ্চৰ সভাপতি দিপক শইকীয়া, আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দেৱেন ওৰাং, আছু ডিব্ৰুগড় জিলা সহকাৰী সাধাৰণ সম্পাদক ৰাহুল কোঁ‌ৱৰ, প্ৰগতিশীল নাৰী সন্থাৰ ডিব্ৰুগড় জিলাৰ উপ-সভানেত্ৰী হীৰা ৰাণী চেতিয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰে ।

Byte সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি লিটুল বুঢ়াগোঁ‌হাইBody:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.