ETV Bharat / state

Immortal Love Story: এইখন অসমৰে এক অমৰ প্ৰেমগাঁথা

author img

By

Published : Feb 14, 2022, 4:54 PM IST

আজি প্ৰেমৰ দিৱস অৰ্থাৎ ভেলেন্টাইন ডে (Today is Valentine’s Day) ৷ চেইন্ট ভেলেণ্টাইনৰ প্ৰেমৰ গাঁথাৰ দৰে আহোম ৰজা গদাধৰ-ডালিমীৰ প্ৰেমগাঁথা চৰ্চালৈ আহে আজিৰ দিনটোতে (Gadadhar-Dalimi immortal love story) ৷ তাহানিৰ আহোম ৰজা গদাপাণি আৰু ডালিমী অৰ্থাৎ নাপে ৱাংচাৰ অমৰ প্ৰেম কাহিনী আজিও জীৱন্ত হৈ আছে অসম-অৰুণাচলৰ সীমান্তৱৰ্তী কানুবাৰীৰ নাপে ৱাংচাৰ মৈদামক্ষেত্ৰত । এতিয়াও এই অমৰ প্ৰেমক লৈ অৰুণাচলৰ ৱাংচা জনগোষ্ঠীৰ মাজত প্ৰচলিত হৈ আছে বিভিন্ন প্ৰবাদ।

ahom-king-gadadhar-and-dalimi-love-story-remembered-on-valentines-day
এইখন অসমতো আছে এক অমৰ প্ৰেমগাঁথা

মৰাণ, 14 ফ্ৰেব্ৰুৱাৰী: অসম-অৰুণাচল সীমান্তৰ কানুবাৰীৰ নাপে ৱাংচাৰ মৈদাম তথা সমাধিয়ে আহোম স্বৰ্গদেউ গদাধৰ সিংহ আৰু ৱাংচো নগা কুঁৱৰী ডালিমী অৰ্থাৎ নাপে ৱাংচাৰ প্ৰেমৰ চানেকিয়ে যুগ যুগ ধৰি টনকিয়াল কৰি আহিছে দুখন ৰাজ্যৰ মাজত ভাতৃত্ববোধৰ সম্পৰ্ক । আজিও অৰুণাচলৰ ৱাংচো জনগোষ্ঠীয়ে অসম-অৰুণাচলৰ সীমান্তৱৰ্তী কানুবাৰীত সংৰক্ষণ কৰি ৰাখিছে নাপে ৱাংচাৰ মৈদাম অৰ্থাৎ সমাধি ।

আহোম স্বৰ্গদেউ গদাপাণি অৰ্থাৎ গদাধৰ সিংহৰ নাম সৰ্বজনবিদিত । লোক বিশ্বাস অনুসৰি, লালোখোলা বৰফুকনৰ প্ৰৰোচনাত ল’ৰাৰজা চুলিক্ফাৰ শাসন কালত প্ৰাণ ৰক্ষাৰ বাবে চুবুৰীয়া ৰাজ্যৰ পাহাৰে-পাহাৰে, অৰঙে-দৰঙে পলাই ফুৰিবলগীয়া হৈছিল স্বৰ্গদেউ গদাধৰ সিংহ । তেনে এক প্ৰেক্ষাপটতেই চাৰি চকুৰ মিলনত প্ৰেম হৈছিল তাহানিৰ ৰুণু এতিয়াৰ বানফেৰা গাৱঁৰ ৱাংচো ৰজাৰ ৰাজকুঁৱৰী নাপে ৱাংচা অৰ্থাৎ ৰুণু ৰাজকুমাৰীৰ সৈতে (Gadadhar-Dalimi immortal love story) ।

এইখন অসমতো আছে এক অমৰ প্ৰেমগাঁথা

ৱাংচোসকলৰ মাজত আজিও প্ৰচলিত যে গদাধৰ সিংহৰ সন্মুখত নাপে ৱাংচাৰ আটাইকেইজনী বাই-ভনীয়ে মুখত ছাই সানি দেখা দিছিল, কিন্তু গদাধৰ সিংহই নিজৰ প্ৰেমাস্পদ নাপে ৱাংচাক চিনাক্ত কৰি উলিয়াইছিল । কালক্ৰমত গদাধৰ সিংহই আহোম ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰাৰ পাছত এইগৰাকী ৰুণু ৰাজকুমাৰী অৰ্থাৎ নাপে ৱাংচা তথা ৱাংচোসকলৰ সৈতে যাউতিযুগীয়া সম্পৰ্ক অব্যাহত ৰাখিছিল ।

উল্লেখ্য যে, ৱাংচো ৰাজকুমাৰী তথা ৰাজকুঁৱৰী নাপে ৱাংচাৰ শেষ ইচ্ছা আছিল যে তেওঁৰ মৃত্যুৰ পাছত মৃতদেহটো নিজৰ পিতৃৰ ৰাজ্যত আৰু তাহানিৰ আহোম ৰাজ্যৰ সীমাত সমাধিস্থ কৰা, সেয়েহে পৰৱৰ্তী সময়ত নাপে ৱাংচাৰ মৃত্যুৰ পাছত তেওঁক অসম-অৰুণাচল সীমান্তৰ কানুবাৰীৰ লাহদৈ গঢ়ৰ কাষত সমাধিস্থ (মৈদাম) কৰা হৈছিল যাক ৱাংচো সকলে ৰোকটিং বুলি কয় । এই ইতিহাসৰ সাক্ষী নাপে ৱাংচা মৈডাম (Kanubari in Assam-Arunachal border) । আজিও এই সমাধিক্ষেত্ৰ‌ই যুগ যুগ ধৰি এক ইতিহাসৰ স্বাক্ষৰ বহন কৰি আহিছে ।

কিন্তু দৰাচলতে প্ৰশ্ন উত্থাপিত হয়, এই মৈদাম তথা সমাধিক্ষেত্ৰ‌ই যুগ যুগ ধৰি এক ইতিহাসৰ স্বাক্ষৰ বহন কৰি দুখন চুবুৰীয়া ৰাজ্য তথা দুটা জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধৰ চানেকি বহন কৰি ৰাখিছে যদিও ৰজাঘৰীয়া তথা পুৰাতত্ত্ব বিভাগে মৈদামক্ষেত্ৰ তথা উদ্যানখনৰ ওপৰত যিদৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল, আজিকোপতি সেইয়া দেখা পোৱা ন’গল । আজি বিশ্ব প্ৰেমৰ দিৱসৰ দিনটোত আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ অমৰ প্ৰেমগাঁথাক পুনৰবাৰ শ্ৰদ্ধাৰে সোঁৱৰাৰ সমান্তৰালকৈ চৰকাৰ তথা পুৰাতত্ত্ব বিভাগৰ বৰমূৰীয়াসকলৰ আধুনিক সভ্যতাত চৰম উপেক্ষিত হৈ থকা ঐতিহাসিক ডালিমী মৈডামৰ ওপৰত দৃষ্টি নিৱদ্ধ কৰিবলৈ সচেতন মহলে আহ্বান জনায় ।

লগতে পঢ়ক: Daily Horoscope for 14th February: আজিৰ দিনটোৰ ৰাশিফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.