মৰাণ, 16 অক্টোবৰ : অসম চৰকাৰৰ অ'বিচি উন্নয়ন বোর্ড ডিব্ৰুগড় জিলা সমিতিয়ে মৰাণ বিধানসভা সমষ্টিৰ গাঁৱে গাঁৱে শুকুৰবাৰে হিতাধিকাৰীৰ মাজত বিতৰণ কৰিছে বিনামূলীয়া পানী ফিল্টাৰ । বিগত কেইমাহমানৰ আগতে মৰাণ সমষ্টিত ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৰাইজক অ'বিচি উন্নয়ন বোর্ডে বিনামূলীয়া কৈ প্ৰদান কৰিছিল ঘৰৰ বাবে টিং ।
ইয়াৰ পিচতে ডিব্ৰুগড় জিলাৰ অ'বিচি উন্নয়ন বোর্ডৰ অধ্যক্ষ প্ৰশান্ত গগৈৰ নেতৃত্বত বোৰ্ড সদস্য সকলে গাঁৱে গাঁৱে গৈ হিতাধিকাৰীৰ মাজত পানী ফিল্টাৰ বিতৰণ কৰা পৰিলক্ষিত হৈছে । হিতাধীকাৰীক পানী ফিল্টাৰ গাঁৱে গাঁৱে গৈ প্ৰদান কৰা কাৰ্যক হিতাধীকাৰী সকলে ডিব্ৰুগড় জিলা অ'বিচি উন্নয়ন বোর্ডক ধন্যবাদ জনায় ।
লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ সমষ্টিত ভূমি পট্টা বিতৰণত ভয়ংকৰ কেলেংকাৰী