ETV Bharat / state

Foundation stone laying of bridge: ১০০ ফুট দৈৰ্ঘ্যৰ পকী দলঙৰ আধাৰশিলা স্থাপন - MP Tapan Gogoi reacts over Loksabah Election

দিৰৈ নৈৰ ওপৰত এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী যোগেন মহনে । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলাও স্থাপন (Foundation stone laying of road)। সাংসদ তপন কুমাৰ গগৈৰ মতে লোকসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদানক লৈ দলেহে সিদ্ধান্ত ল'ব ।

Foundation stone laying of bridge
১০০ ফুট দৈৰ্ঘ্যৰ পকী দলঙৰ আধাৰশিলা স্থাপন
author img

By

Published : Mar 10, 2023, 10:23 AM IST

১০০ ফুট দৈৰ্ঘ্যৰ পকী দলঙৰ আধাৰশিলা স্থাপন

মৰাণ,১০ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুতি আৰম্ভ কৰিছে (Upcoming Loksabha Election)। সমান্তৰালকৈ প্ৰাৰ্থীত্বক লৈও ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে । শাসকীয় দলটোৱেও এই ক্ষেত্ৰত আটাইকেইটা সমষ্টিতে জয়ৰ লক্ষ্যৰে কুছকাৱাজ আৰম্ভ কৰিছে ।

কিন্তু প্ৰাৰ্থীত্বক লৈ যেন মুখ খুলিবলৈ সাহস কৰা নাই একাংশ সাংসদ তথা বিজেপি নেতাই । প্ৰাৰ্থীত্বক লৈ মৰাণৰ দিৰৈত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈক সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰতো সাংসদজনে পোনে পোনে ইয়াৰ সিদ্ধান্ত দলে ল'ব বুলিয়ে মন্তব্য কৰিলে (MP Tapan Gogoi reacts over Loksabah Election)। ইফালে সমষ্টি দখলৰ লক্ষ্যৰে শাসকীয় দলটোৱে কেইবাজনো সাংসদৰ টিকট কৰ্তন কৰিব বুলি ওলোৱা খবৰক লৈ তেওঁ কয় যে, এয়া সংবাদ মাধ্যমে কৰা প্ৰচাৰ হে । এনে খবৰ তেওঁ ক'তো শুনা নাই বুলি কৈ বিষয়টোৰ পৰা সাংসদজন আঁ‌তৰি থাকিবলৈ চেষ্টা কৰে ।

উল্লেখ্য যে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ শেলাইগুৰি তিনিআলিৰ পৰা মৰাণ সংযোগী পথৰ লগতে দিৰৈ নৈৰ ওপৰত বৃহস্পতিবাৰে এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে (Foundation stone laying of bridge in Moran)৷ এই পথ-দলং নিৰ্মাণৰ বাবে চৰাইদেউ জিলা লোক নিৰ্মাণ বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৫ কোটি ৩ লাখ টকা আৱন্টন দিয়া হৈছে ৷

এই আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী যোগেন মহনৰ সৈতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, চৰাইদেউ জিলা লোক নিৰ্মাণ বিভাগৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্ত্ৰা অঞ্জন দে, চৰাইদেউ জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইণ্ডিকা গগৈ, খুমটাই গাঁও পঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা শৰ্মা উপস্থিত থাকে ৷ প্ৰায় ৪.৭৯ কিলোমিটাৰ দৈৰ্ঘৰ পথৰ লগতে দিৰৈ নৈৰ ওপৰত প্ৰায় এশ ফুট দৈৰ্ঘ্যৰ হ'ব পকী দলংখন ৷

মাহমৰাৰ বৃহত্তৰ দিৰৈ-ৰাঙলী অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পাছত এই পথ আৰু দলঙৰ নিৰ্মাণে ৰাইজৰ সমস্যা লাঘৱ কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী যোগেন মহনে ৷ আনহাতে মাহমৰা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ এই পথটো নিৰ্মাণৰ ফলত গ্ৰাম্য অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ ওৰ পৰিব বুলিও মন্তব্য কৰে সাংসদ তপন কুমাৰ গগৈয়ে ৷

লগতে পঢ়ক :Budget Session 2023 :আজিৰে পৰা বিধানসভাৰ ১৪ দিনীয়া বাজেট অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.