ETV Bharat / state

বানে তচ-নচ কৰিলে কৃষকৰ সপোন - হাহাকাৰ

সমগ্ৰ ৰাজ্যখনতেই বানে সৰ্বস্বান্ত কৰিছে হাজাৰ-হাজাৰ লোকক । ডিব্ৰুগড়ৰ ১১৫ নং বিধানসভা সমষ্টি লেজাই- কলাখোৱাবাসীৰ সমস্যা আজিও যেন অন্ত পৰা নাই । পানী শুকোৱাৰ পিছত আশ্ৰয় শিবিৰৰ পৰা নিজৰ আপোন ঘৰখনলৈ গৈছে যদিও বানে বুৰাই পেলোৱা শাওণৰ উদং পথাৰখন দেখি মুৰে কঁপালে হাত দিব লগা হৈছে গঞাৰাইজে ।

বানে তচ-নচ কৰিলে কৃষকৰ সপোন
author img

By

Published : Jul 30, 2019, 9:16 AM IST

ডিব্ৰুগড়, ৩০ জুলাইঃ ডিব্ৰুগড় জিলাৰ মৰাণত বানত বিস্তৰ ক্ষতিসাধন হয় ৰাইজৰ । শাওনৰ সেউজীয়া পথাৰখন সম্পূৰ্ণ বালিত পোত যোৱাত মূৰে কঁপালে হাত দিছে কৃষকে ।

etv bharat Assam
বানে তচ-নচ কৰিলে কৃষকৰ সপোন

সমগ্ৰ ৰাজ্যখনতেই বানে সৰ্বস্বান্ত কৰিছে হাজাৰ-হাজাৰ লোকক । ডিব্ৰুগড়ৰ ১১৫ নং বিধানসভা সমষ্টি লেজাই- কলাখোৱাবাসীৰ সমস্যা আজিও যেন অন্ত পৰা নাই । পানী শুকোৱাৰ পিছত আশ্ৰয় শিবিৰৰ পৰা নিজৰ আপোন ঘৰখনলৈ গৈছে যদিও বানে বুৰাই পেলোৱা শাওণৰ উদং পথাৰখন দেখি মুৰে কঁপালে হাত দিব লগা হৈছে গঞা ৰাইজে । কাৰণ বানে তচ-নচ কৰি পেলোৱা পথাৰখনত ৰুবলৈ নাই কঠিয়া । সম্পূৰ্ণ বালিৰে পুতি পেলাইছে কৃষিভূমি । তাৰোপৰি বানাক্ৰান্ত ৰাইজৰ চিকিৎসা শিবিৰো প্ৰয়োজনতকৈ কম হোৱা বুলি অভিযোগ স্থানীয় ৰাইজৰ । উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ গৃহজিলা হোৱা স্বত্বেও অঞ্চলকেইটাৰ প্ৰতি এনেধৰণৰ আওকণীয়া মনোভাব লোৱাত বানাক্ৰান্ত লোকসকল ক্ষোভিত হৈ পৰিছে । আনহাতে বানবিধ্বস্ত অঞ্চলকেইটা অলপতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰি গৈছিল যদিও এয়া এক নাটকহে বুলি আখ্যা দিছে স্থানীয় ৰাইজে ।

Intro:
বানত সৰ্বস্বান্ত হোৱা ১১৫ নং বিধান সভা সমষ্টি লেজাই- কলাখোৱাবাসীৰ সমস্যা আজিও যেন অন্ত পৰা নাই । পানী শুকোৱাৰ পিছত বানত জুৰুলা হোৱা লোক সকল আশ্ৰয় শিবিৰৰ পৰা নিজৰ আপোন ঘৰখনলৈ গৈছে যদিও বানে বুৰাই পেলোৱা শাওণৰ উদং পথাৰখন দেখি মুৰে কপালে হাত দিব লগা হৈছে গঞাৰাইজে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.