ETV Bharat / state

কবি নিলীম কুমাৰৰ বিৰুদ্ধে গৰজি উঠিল টাই আহোম যুৱ পৰিষদ - assamese

কবি নিলীম কুমাৰৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল টাই আহোম যুৱ পৰিষদ । অসমৰ প্ৰতিখন থানাতে এজাহাৰ কবি গৰাকীৰ বিৰুদ্ধে । দৰকাৰ হ'লে কবি গৰাকীৰ শিৰচ্ছেদ কৰাৰো হুংকাৰ আহোম সংগঠনটোৰ ।

fir-against-nilim-kumar
কবি নিলীম কুমাৰৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল টাই আহোম যুৱ পৰিষদ
author img

By

Published : Jul 6, 2020, 10:44 PM IST

ডিব্ৰুগড়, ৬জুলাই: উল্লেখ্য যে অসমৰ এখন আগশাৰীৰ আলোচনীত নিলীম কুমাৰৰ ৰচিত এটা কবিতা প্ৰকাশৰ পাছতে এতিয়া জাঙোৰ খাই উঠিছে টাই আহোম যুৱ পৰিষদ সহ আহোম জনগোষ্ঠীয় অন্যান্য সংগঠন সমূহ । কবিতাটোত চাওলুং চ্যুকাফাক ভগা চিটি বাছৰ চালক আৰু গদাপানিক সেই বাছৰ হেণ্ডিমেন বুলি অভিহিত কৰিছে।

বৰ অসমৰ ভেটি গঢ়োতা চাওল্যুং চুকাফাৰ বিৰুদ্ধে এনে উদ্ধৃতি দিয়াৰ পাছতে জাঙুৰ খাই উঠিছে সংগঠনটো । কবি গৰাকীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি শীঘ্ৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে সংগঠনটোৰ নেতৃত্বই । ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক ৰাণা গগৈয়ে কলে, বৃহত্তৰ অসমীয়া জনগোষ্ঠীক বৰ অসমৰ বুকুত প্ৰতিষ্ঠা কৰোতা জনক এজন ড্ৰাইভাৰ আৰু আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনক হেণ্ডিমেনৰ‌ সৈতে তুলনা কৰি সমগ্ৰ আহোম জনগোষ্ঠীক পুণৰবাৰ জন মানসত নিম্ন গামী কৰাৰ ষড়যন্ত্ৰ কৰিছে । সেয়ে নিলীম কুমাৰৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী কৰিলে আৰক্ষীক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.