ETV Bharat / state

Crime in Moran:মৰাণত চাকৰিৰ নামত প্ৰৱঞ্চকে সৰকালে কোটি টকা - মৰাণত চাকৰিৰ নামত প্ৰৱঞ্চকে সৰকালে কোটি টকা

মৰাণত প্ৰৱঞ্চক ৰাজীৱ কুমাৰ মাহাতোৰ বিৰুদ্ধে ভুক্তভোগী যুৱকৰ এজাহাৰ । অইলত চাকৰি দিয়াৰ প্ৰলোভনেৰে নিবনুৱাৰ পৰা লাখ লাখ টকা আত্মসাৎ । সামাজিক মাধ্যমত ভাইৰেল প্ৰৱঞ্চক ৰাজীৱ কুমাৰ মাহাতোৰ পুৰণি ভিডিঅ'।

FIR against fraud Rajib Kumar Mahato
প্ৰৱঞ্চক ৰাজীৱ কুমাৰ মাহাতোৰ বিৰুদ্ধে ভুক্তভোগীৰ এজাহাৰ
author img

By

Published : Aug 7, 2023, 5:48 PM IST

প্ৰৱঞ্চক ৰাজীৱ কুমাৰ মাহাতোৰ বিৰুদ্ধে ভুক্তভোগীৰ এজাহাৰ

মৰাণ, ৭ আগষ্ট: চাকৰি দিয়াৰ নামত ধন লোৱা একাংশৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈছে যদিও আজিও চাকৰিৰ নামত ধন লোৱা বজাৰখন চলি আছে । ইয়াৰ মাজতেই অইলত চাকৰি দিয়াৰ প্ৰলোভনেৰে অসমৰ বিভিন্ন প্ৰান্তৰ নিৱনুৱা যুৱক-যুৱতীৰ পৰা লাভ লাখ টকা আত্মসাৎ কৰা ৰাজীৱ কুমাৰ মাহাতো আৰু সহযোগী দেৱজিৎ দত্তৰ বিৰুদ্ধে মৰাণ আৰক্ষী থানাত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ ৷

২০২২ বৰ্ষৰ অক্টোবৰত মৰাণ ৰাংচালী গাঁৱৰ বিপ্লৱ হালদাৰসহ তেওঁৰ সাতজন বন্ধুৰ পৰা অইলত চাকৰি দিয়াৰ প্ৰলোভনেৰে ৰাজীৱ কুমাৰ মাহাতো আৰু তেওঁৰ সহযোগী দেৱজিত দত্তই আঢ়ৈ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে অভিযোগকাৰী বিপ্লৱ হালদাৰে ৷ উল্লেখ্য যে মৰাণ বিষ্ণুপুৰ নিবাসী ৰাজীৱ কুমাৰ মাহাতো নামৰ স্বয়ম্ভু লেখক, সাহিত্যিকজনৰ বিৰুদ্ধে পূৰ্ৱেও আছে বহু প্ৰৱঞ্চনাৰ অভিযোগ ৷ পূৰ্ৱে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ৰাজীৱ কুমাৰ মাহাতো চৰাইদেউৰ পৰা প্ৰকাশিত "হামদেৰ অধিকাৰ" নামৰ এখন বাতৰি কাকতৰ মালিক ৷

শেহতীয়াকৈ সামাজিক মাধ্যমত এই ৰাজীৱ কুমাৰ মাহাতোৱে অইলত চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা কোটিৰ ঘৰত ধন আত্মসাৎ কৰাৰ স্বীকাৰোক্তি দিয়া এটা পুৰণি ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে চাঞ্চল্য সৃষ্টি হৈছে সামাজিক মাধ্যমত ৷ চাকৰি বিচাৰি প্ৰৱঞ্চক ৰাজীৱ কুমাৰ মাহাতোৰ কাষ চাপি সৰ্বস্বান্ত হোৱা বহু নিবনুৱা যুৱক-যুৱতীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাষ চাপিছে আৰক্ষীৰ ৷ উল্লেখ্য যে বহু মন্ত্ৰী-বিধায়ক, প্ৰশাসনীয় বিষয়াৰ সৈতে ঘনিষ্ঠতাৰ কথা কৈ এই ৰাজীৱ কুমাৰ মাহাতোৱে লাখে লাখে টকা আত্মসাৎ কৰি বৰ্তমান বাতৰি কাকতখনৰ লগতে এটা প'ৰ্টেল চেনেলো চলাই আছে ৷

ভুক্তভোগী যুৱকসকলৰ লগতে মৰাণৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনে এই প্ৰৱঞ্চকটোৰ বিৰুদ্ধে শীঘ্ৰে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৷ উল্লেখ্য় যে প্ৰৱঞ্চক ৰাজীৱ কুমাৰ মাহাতোই পূৰ্বে চাবুৱাত এটা মন্দিৰ স্থাপন কৰি পুজা অৰ্চনা কৰিছিল। ইয়াৰ পাছতেই ভণ্ড তান্ত্ৰিক হৈ পৰিল লেখক,সাহিত্যিক,বহু ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ । বিভিন্ন সময়ত বিভিন্নজনক বেলেগ বেলেগ পৰিচয় দি লুন্ঠন চলালে লাখে লাখে টকা । কেইবছৰ মানৰ পূৰ্বে ভুৱা চেক দি বেংকৰ পৰা ধন উলিয়াবলৈ গৈ আৰক্ষীৰ জালত পৰিছিল ৰাজীৱ কুমাৰ মাহাতো। লক্ষণীয়ভাৱে চাকৰিৰ নামত দিয়া ধন ঘূৰাই নাপাই বিভিন্ন থানাত বহু যুৱক- যুৱতীযে এজাহাৰ দাখিল কৰিছে যদিও এতিয়াও আৰক্ষীৰ জালত পৰা নাই ঠগ প্ৰৱঞ্চক ৰাজীৱ কুমাৰ মাহাতো ।

লগতে পঢ়ক:Traditional lathi sports :নলবাৰীত পাৰম্পৰিক লাঠী ক্ৰীড়াৰ কৰ্মশালা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.