ETV Bharat / state

Ranjit paddy seed: উন্নত মানৰ ৰঞ্জিত ধানৰ খেতি কৰি মূৰে-কপালে হাত দিছে কৃষকে

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 4:30 PM IST

ডিব্ৰুগড়ত কৃষি বিভাগৰ আজৱ কাণ্ড ৷ কৃষকক উন্নত ৰঞ্জিত ধানৰ বীজ প্ৰদান কৰি ৰামঠগন কৃষি বিভাগৰ ৷

Ranjit paddy seed
উন্নত মানৰ ৰঞ্জিতৰ ধানৰ খেতি কৰি মূৰে কপালে হাত দিছে কৃষকে

ডিব্ৰুগড়, 6 নৱেম্বৰ : আঘোণ মাহ পালেহিয়ে ৷ সেউজীয়া ধাননিডৰা সোণোৱালী হৈ পৰিছে ৷ এই আঘোণতে সোণোৱালী ধান চপোৱাত ব্যস্ত হ’ব কৃষক ৰাইজ ৷ কিছুদিনৰ পাচতে দাৱনীৰ মূৰ তুলিবলৈ আহৰি নোহোৱা হ’ব ৷ কিন্তু এইবাৰ উন্নত মানৰ ৰঞ্জিত ধানৰ বীজ ৰোপন কৰি মূৰে-কপালে হাত দিবলগা অৱস্থা কৃষক ৰাইজৰ ৷ এই ঘটনা ডিব্ৰুগড়ৰ নখাটৰ ৷

ঘটনা অনুসৰি, অধিক ফচল লাভৰ বাবে নখাট গাঁৱৰ একাংশ কৃষকে কৃষি বিভাগে প্ৰদান কৰা উন্নত ৰঞ্জিত ধানৰ বীজ ৰোপণ কৰিছিল ৷ কৃষি বিভাগে যোগান ধৰা উন্নত ধানৰ বীজৰ সলনি এতিয়া বিভিন্ন প্ৰজাতিৰ ধানহে ওলাইছে ৷ ধান পকীবলৈ ধৰাতহে পোহৰলৈ আহিছে আচলতে কৃষি বিভাগে উন্নত ৰঞ্জিত ধানৰ বীজ যোগানৰ নাম কৃষক কি বীজ দিলে ৷ কাৰণ এতিয়া কিছু ধান পকিছে, কিছু গেৰ ধৰিছে আৰু ৰঞ্জিত ধানৰ সলনি বেলেগ প্ৰজাতিৰ ধানহে ওলাইছে ৷ সেয়ে নিৰুপায় কৃষক ৰাইজে ধান চপাবলৈ এশবাৰ চিন্তা কৰিবলগীয়া হৈছে ৷

ডিব্ৰুগড়ৰ নখাট সোণোৱাল গাঁৱৰ কৃষকসকলে সোণোৱালী হৈ পৰা পথাৰখন দেখি ক্ষোভ উজাৰিছে কৃষি বিভাগৰ বিৰুদ্ধে । তেওঁলোকে কয়, ‘‘ শালি খেতিৰ সময়ত কৃষি বিভাগৰ তৰফৰ পৰা উন্নত জাতৰ ৰঞ্জিত ধানৰ বীজ দিছিল আমাক । উন্নত ফচল লাভৰ আশাত সেই বীজৰ কঠীয়া ৰোৱা হৈছিল । কিন্তু তিনিমাহৰ পাচত উন্নত ৰঞ্জিত ধানৰ লগতে বৰা, জহাকে ধৰি প্ৰায় 6-7 বিধ বিভিন্ন প্ৰজাতিৰ ধান ওলাইছে ধাননি সমূহত ৷’’

সেয়ে কৃষি বিভাগলৈ প্ৰশ্ন কৃষকৰ, ধানৰ বীজসমূহ ক’ৰ পৰা আনিছিল ? কৃষকৰ দাবী, ‘‘এতিয়া এই ধান কি হিচাপত আমি বিক্ৰী কৰিম ? উন্নত ৰঞ্জিত ধানৰ বীজ প্ৰদান কৰাৰ নামত আমাক ৰামঠগন দিলে কৃষি বিভাগে ৷ সেয়ে সমগ্ৰ ঘটনাৰ বাবে তদন্ত ঘোষণা কৰক ৷’’

লগতে পঢ়ক:Swahid Mozammil Haque award 2023; যেতিয়ালৈকে ভাষাটো থাকিব তেতিয়ালৈকেহে জাতিটো জীয়াই থাকিব : ড৹ নগেন শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.