মৰাণ,11 মে’: ক'ভিডে কাঢ়ি লৈ গৈছে কৃষকৰ সপোন । ডিব্ৰুগড় জিলাৰ খোৱাঙৰ ৰঙালাও বজাৰত কৃষক তথা বিক্ৰেতাসকলৰ মাজত বৰ্তমান নাই কোনো ধৰণৰ আশাৰ ৰেঙণি । চৰকাৰে জাৰি কৰা মিনি লক ডাউনে তচনচ কৰি পেলাইছে কৃষকসকলৰ সপোন ।
ফলত পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছে ৰঙালাও অথবা আন আন শাক-পাচলি । বজাৰখনৰ নিচেই কাষতে থকা চেৰেপাখাটি অঞ্চলৰ ৰাইজে বছৰটো কপালৰ ঘাম মাটিত পেলাই খেতি কৰে । বানবিধ্বস্ত অঞ্চলটোত ধানখেতি প্ৰায়েই নহয় । ৰঙালাও, বিলাহী, কবি, জলকীয়া আদি ৰবি শস্যৰ খেতি কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আছে এই লোকসকলে । প্ৰতিদিনে বজাৰখনলৈ শাক-পাচলি উলিয়াই আনি দিনটোৰ অন্তত পোৱা টকা কেইটাৰে ঘৰ চলাই আছে তেওঁলোকে ।
কিন্তু, বৰ্তমান মিনি লক ডাউনে সলাই পেলাইছে তেওঁলোকৰ জীৱন পৰিক্ৰমা । প্ৰশাসনৰ ক’ভিড নীতি অনুসৰি বিয়লি ২ বজাৰ লগে লগে বন্ধ কৰিবলগা হয় বজাৰ ।
কেইটামান ঘণ্টাৰ বাবে বিক্ৰী কৰা ৰঙালাও তথা আন শাক-পাচলি পাঁচ, দহ টকাতে গ্ৰাহকক যাচি দিবলগা হৈছে এইসকল থলুৱা খেতিয়কে । কৃষকসকলে জানিবলৈ দিছে যে সেই মূল্য তেওঁলোকে খেতিতে খৰচ কৰিবলগা হয় । ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বহা বজাৰখনত আবেলি সময়তহে কিছু গ্ৰাহক হয় যদিও এতিয়া আধাতে বজাৰ সামৰিব লগা হোৱাত এইসকল কৃষকৰ মূৰত সৰগ ভাগি পৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক: ঈদ উপলক্ষে ডিব্ৰুগড়ত সাহায্য বিতৰণ