ডিব্ৰুগড়, 31 আগষ্টঃ বানৰ পাছত এতিয়া খৰাঙৰ কবলত পৰি চিৰাল ফাট মেলিছে ৰাজ্যৰ খেতি পথাৰ যাৰ বাবে মূৰে কপালে হাত দিব লগা হৈছে কৃষক ৰাইজে ৷ জলসিঞ্চন বিভাগেও পথাৰত পানী যোগানৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাত উপায়ন্তৰ হৈ ডিব্ৰুগড়ৰ খোৱাঙৰ কৃষক ৰাইজে সমূহীয়াকৈ অনুষ্ঠিত কৰিলে ভেকুলীৰ বিয়া ৷ সম্পূৰ্ণ ৰীতি নীতিৰে অনুষ্ঠিত কৰা ভেকুলী বিয়াৰ উপৰিও অঞ্চলটোৰ ৰাইজে ঢেঁকী, নাঙল আদি চুৰি কৰি আনি পথাৰত পুতি থোৱা পৰিলক্ষিত হৈছে ।
পথাৰত চিৰাল ফাট, ৰাইজে পাতিলে ভেকুলী বিয়া - ডিব্ৰুগড়
খৰাঙৰ কবলত পৰি চিৰাল ফাট মেলিছে ৰাজ্যৰ খেতি পথাৰ ৷ উপায়ন্তৰ কৃষকে পাতিলে ভেকুলী বিয়া ৷ ঢেঁকী, নাঙল চোৰ কৰি পথাৰত পুতিলে চহা ৰাইজে ৷
চিৰাল ফাট মেলিছে ৰাজ্যৰ খেতি পথাৰত
ডিব্ৰুগড়, 31 আগষ্টঃ বানৰ পাছত এতিয়া খৰাঙৰ কবলত পৰি চিৰাল ফাট মেলিছে ৰাজ্যৰ খেতি পথাৰ যাৰ বাবে মূৰে কপালে হাত দিব লগা হৈছে কৃষক ৰাইজে ৷ জলসিঞ্চন বিভাগেও পথাৰত পানী যোগানৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাত উপায়ন্তৰ হৈ ডিব্ৰুগড়ৰ খোৱাঙৰ কৃষক ৰাইজে সমূহীয়াকৈ অনুষ্ঠিত কৰিলে ভেকুলীৰ বিয়া ৷ সম্পূৰ্ণ ৰীতি নীতিৰে অনুষ্ঠিত কৰা ভেকুলী বিয়াৰ উপৰিও অঞ্চলটোৰ ৰাইজে ঢেঁকী, নাঙল আদি চুৰি কৰি আনি পথাৰত পুতি থোৱা পৰিলক্ষিত হৈছে ।
Intro:
বানৰ বিভিষীকাৰ পিছত এতিয়া পানীৰ অভাৱত চিৰাল ফাঁট মেলিছে ৰাজ্যৰ বিভিন্ন ঠাইৰ খেতি পথাৰত । গাঠিৰ ধন ভাঙি কপালৰ ঘাম মাটিত পেলায় অশেষ কষ্টেৰে কৃষক সকলে খেতি বিলাক কৰিছিল যদিও উপযুক্ত পানীৰ অভাৱত পথাৰ বিলাকত বৃহৎ বৃহৎ ফাঁট মেলিবলৈ ধৰিছে । কৃষক সকলক সকাহ দিবলৈ চৰকাৰৰ ওচৰত নাই কোনো বিকল্প ব্যৱস্থা । ঘূণে ধৰিছে চৰকাৰৰ জনসিঞ্চন বিভাগ । উপায়ন্ত হৈ এই বৃহৎ সমস্যাটোৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে মৰাণৰ সমীপৰ খোৱাঙতো ৰাইজে সমূহীয়াকৈ অনুষ্ঠিত কৰিলে ভেকুলীৰ বিয়া । সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিয়ে খোৱাঙৰ বাঘটলী পথাৰ বাইলুং গাওঁ আৰু বোকাহোলা গাওঁ লগলাগি অনুষ্ঠিত কৰা এই বিয়াত গাওঁ দুখনৰ বহু মহিলা, শিশু আৰু কৃষক সকলে অংশগ্ৰহণ কৰে । আয়তিৰ উৰুলিৰ মংগলময় ধ্বনিৰে আনন্দ উল্লাসৰ মাজত অনুষ্ঠিত হোৱা এই বিয়াৰ দৰাঘৰ বাঘটলী পথাৰত আৰু কন্যাৰ ঘৰ বোকাহোলাত বুলি ৰাইজে উল্লেখ কৰিছে । উল্লেখ্য যে যুগ যুগ ধৰি প্ৰচলিত জনবিশ্বাস অনুসৰি খৰাঙৰ দিনত বৰষুণ নহ’লে গ্ৰামাঞ্চলৰ কৃষক সকলে ভেকুলীৰ বিয়া পাতে। ভেকুলীৰ বিয়া পাতিলে বৰুণ দেৱতা সন্তুষ্ট হয়,আৰু বৰষুণ আহে বুলি থকা জনবিশ্বাসৰ বাবেই অতিমাত্ৰা খৰাং হ’লে ৰাইজে অনুষ্ঠিত কৰে এই ভেকুলীৰ বিয়া । ইফালে পৰম্পৰা ৰক্ষা কৰি বৰষুণৰ বাবে অঞ্চলটো কেইবাঠাইটো ঢেকী, নাঙল আদি চুৰি কৰি আনি পথাৰত পোটা পৰিলক্ষিত হৈছে ।
Byte: স্থানীয় ৰাইজ
Body:ঐConclusion:ঐ