ETV Bharat / state

এসময়ৰ জনপ্ৰিয় "W দা" আজি ৰোগশয্যাত...

author img

By

Published : Jun 5, 2020, 3:03 PM IST

ভাৰত ৰত্নৰ পৰা বিখ্যাত ৰাজনীতিবিদলৈ,প্ৰখ্যাত গায়কৰ পৰা অভিনেতা-অভিনেত্ৰীলৈ বহু লোকৰ সান্নিধ্যৰে জীপাল হোৱা "W দা" সম্প্ৰতি শয্যাযায়ী ৷

famous-reporter-actor-photographer-haribinod-barmas-pathetic-condition

ডিব্ৰুগড়, 5 জুনঃ সত্তৰ-আশী দশকৰ ডিব্ৰুগড়ৰ এগৰাকী চুটি চাপৰ জনপ্ৰিয় ব্যক্তি ৷ যদিও তেওঁৰ প্ৰকৃত নাম হৰিবিনোদ বাৰ্মা তথাপিও, ডিঙিত এটা কেমেৰা লৈ ফুৰা ব্যক্তিজনক ল'ৰাৰ পৰা বুঢ়ালৈ সকলোৱে চিনি পায় "W দা" বুলিয়েই ৷ চহৰখনৰ ঝালোকপাৰাত থকা "W" নামৰ ফটো ষ্টুডিঅ'ৰ গৰাকী তেওঁ ৷ 1969 চনতেই স্থাপন কৰা ফটো ষ্টুডিঅ'টোৰ নামেৰেই হৰিবিনোদ বাৰ্মা জনপ্ৰিয় হৈ পৰিল "W দা"নামেৰে ৷ ভাৰত ৰত্ন মাদাৰ টেৰেছা,লতা মংগেশকাৰ, ভূপেন হাজৰিকা,বিখ্যাত ৰাজনীতিবিদ জৱাহৰলাল নেহেৰু,ইন্দিৰা গান্ধী,ৰাজীৱ গান্ধী,শংকৰ দয়াল শৰ্মা,এল.কে আদৱানী,মনমোহন সিং,ভেংকায়া নাইডু, হিতেশ্বৰ শইকীয়া,প্ৰফুল্ল মহন্ত,তৰুণ গগৈ,প্ৰখ্যাত গায়ক কিশোৰ কুমাৰ,মহম্মদ ৰফি,মহেন্দ্ৰ কাপুৰ,জয়ন্ত হাজৰিকা,অভিনেতা-অভিনেত্ৰী দেৱ আনন্দ, অমিতাভ বচ্চন,ঐশ্বৰ্য ৰায়,ঋষি কাপুৰ,আশ্ৰানী,হেমা মালিনী আৰু বহুতো লোকৰ সান্নিধ্যৰে জীপাল তেওঁ ৷ সত্তৰৰ পৰা নব্বৈৰ দশকলৈকে ডিব্ৰুগড়লৈ অহা প্ৰতিগৰাকী বিখ্যাত ব্যক্তি আবদ্ধ হৈ ৰৈছিল তেওঁৰ কেমেৰাৰ লেন্সত ৷ "W দা"ই আছিল ফটোগ্ৰাফীত ডিপ্লোমা লোৱা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি

এসময়ৰ জনপ্ৰিয় "W দা" আজি পৰি আছে ৰোগশয্যাত...

কেৱল ফটোগ্ৰাফীয়েই নহয় ৷ তেখেত আছিল এগৰাকী অভিনেতাও ৷ তেওঁৰ অভিনয় প্ৰতিভা দেখিবলৈ পোৱা গৈছিল বৃষ্টি,আজলী নবৌ,সোণমা,মধুচন্দ্ৰা, ৰতনলাল আদি জনপ্ৰিয় বোছবিত ৷ ইয়াৰোপৰি তেওঁ হিন্দী চেণ্টিনেল আৰু পূৰ্বাঞ্চল প্ৰহৰীৰ দৰে আগশাৰীৰ বাতৰি কাকততো সেৱা আগবঢ়াইছিল স্থানীয় সাংবাদিক হিচাপে ৷ কিন্তু একাধিক প্ৰতিভাৰ অধিকাৰী এই ব্যক্তিগৰাকী আজি শয্যাশায়ী ৷

মধুমেহ,হৃদৰোগ,কিডনী,ডিমেনচিয়া আদি কেইবাটাও ৰোগত আক্ৰান্ত "W দা ৷" ৰোগে জৰ্জৰিত কৰা ব্যক্তি গৰাকীৰ ইতিমধ্যে ভৰিৰ দুটা আঙুলিও কাটি পেলাবলগীয়া হৈছে ৷ যোৱা 8 টা মাহে তেওঁ পৰি আছে ৰোগশয্যাত ৷ ভালদৰে চিকিৎসা কৰিবলৈ তেওঁৰ বৰ্তামান টকাৰ অভাৱ ৷ স্মৃতিশক্তিও হৈছে বিলুপ্ত ৷ পূৰ্বৰ বহু কথাই তেওঁ পাহৰি গৈছে যদিও,তেওঁ পাহৰা নাই বোলছবিত অভিনয় কৰাৰ কথা,তেওঁৰ সহ অভিনেতা সকলৰ কথা ৷ কৈ গ'ল তেওঁ অভিনয় কৰা ইখনৰ পিচত সিখন বোলছবিৰ কথা,তেওঁ অভিনয় কৰা চৰিত্ৰ সমূহৰ কথা ৷ আজিও তেওঁৰ মনত আছে তেওঁৰ যাদুকৰী আঙুলিৰে কৰা কেমেৰাৰ ব্যৱহাৰ ৷ কিন্তু সম্প্ৰতি শৰীৰে অনুমতি নিদিয়ে তেওঁক আগৰ দৰে দক্ষতা বুটলিবলৈ ৷ আৰ্থিক দৈন্যতাত ভোগা এইগৰাকী জনপ্ৰিয় ফটোগ্ৰাফাৰ,শিল্পী তথা সাংবাদিকে কিন্তু আজিলৈ পোৱা নাই চৰকাৰৰ কোনো সাহাৰ্য ৷

লগতে পঢ়কঃ বিস্ময়ঃ স্থবিৰ হ'ব নেকি অৰ্ধ শতিকাজোৰা বৰ্ণাঢ্য যাত্ৰা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.