ETV Bharat / state

Sankardev Sangha controversy: বৌদ্ধ বিহাৰ দৰ্শন কৰিবলৈ যোৱা বাবেই সমাজৰ পৰা বহিস্কাৰ

author img

By

Published : Oct 27, 2022, 8:10 PM IST

এইবাৰ শংকৰদেৱ সংঘই বহিষ্কাৰ কৰিলে সোণাৰিৰ ৩ টাকৈ পৰিয়ালক (Family expelled by Sankardev Sangha at Sonari) । চুবুৰীয়াৰ সৈতে বৌদ্ধ বিহাৰ দৰ্শন কৰিবলৈ যোৱা বাবেই সোণাৰিৰ নিকটৱৰ্তী লংপটিয়া জুটুলনি গাঁৱৰ ৩ টাকৈ পৰিয়ালক বহিষ্কাৰ কৰিলে শংকৰ সংঘই ৷

family-expelled-by-sankardev-sangha-at-sonari
বৌদ্ধ বিহাৰ দৰ্শন কৰিবলৈ যোৱা বাবেই সমাজৰ পৰা বহিস্কাৰ

ডিব্ৰুগড়, 27 অক্টোবৰ: পুনৰ বিতৰ্কত শংকৰ সংঘ (Sankardev Sangha controversy again) ৷ বিগত কিছুদিন পূৰ্বে আহোমসকলৰ পৱিত্ৰ চকলং বিবাহত অংশগ্ৰহণ কৰাৰ বাবেই শংকৰ সংঘৰ পৰা কেইজন মানক বহিষ্কাৰ কৰাৰ বিতৰ্কৰ ঘটনা মাৰ নাযাওঁতেই পুনৰ এক বিতৰ্কত সোমাল শংকৰ সংঘ ৷ এইবাৰ শংকৰদেৱ সংঘই বহিষ্কাৰ কৰিলে সোণাৰিৰ ৩ টাকৈ পৰিয়ালক (Family expelled by Sankardev Sangha at Sonari) ।

চুবুৰীয়াৰ সৈতে বৌদ্ধ বিহাৰ দৰ্শন কৰিবলৈ যোৱা বাবেই সোণাৰিৰ নিকটৱৰ্তী লংপটিয়া জুটুলনি গাঁৱৰ ৩ টাকৈ পৰিয়ালক শংকৰদেৱ সংঘৰ মিলন প্ৰাথমিকে বহিষ্কাৰ কৰিলে পৰিয়ালকেইটাক (Family expelled for visiting Buddha Vihar) ৷ বৌদ্ধ বিহাৰ দৰ্শন কৰিবলৈ যোৱাৰ বাবে জুটুলনি গাঁৱৰ বুলু শইকীয়া, নিৰু গগৈ, ৰীতা গগৈৰ পৰিয়ালক শংকৰদেৱ সংঘৰ মিলন প্ৰাথমিকে বহিষ্কাৰ কৰে ৷ ইয়াৰে নিৰু গগৈৰ পৰিয়ালে পুনৰ শংকৰ সংঘৰ বিধিৰে শুদ্ধি হয় ।

আনহাতে অ- শংকৰী সমাজত যোগদান কৰে ৰীতা গগৈ আৰু স্বামীহাৰা বুলু শইকীয়াই । উল্লেখযোগ্য যে, আহোমসকলৰ বিবাহ পদ্ধতি "চকলং" প্ৰথাৰে অনুষ্ঠিত কৰা বিবাহত উপস্থিত থকাৰ বাবেই মৰিয়নিৰ নকছাৰীৰ চাৰিটা পৰিয়ালক শংকৰদেৱ সংঘই এঘৰীয়া কৰি শুদ্ধিকৰণ কৰা খবৰ ৰাজহুৱা হোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

আহোম সকলৰ বিবাহ পদ্ধতি "চকলঙ"ক লৈ শংকৰদেৱ সংঘই এই কাণ্ড কৰাক লৈ শংকৰদেৱ সংঘৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাকে ধৰি দল- সংগঠন । কিন্তু লক্ষণীয় কথা এইটোৱে যে শংকৰদেৱ সংঘৰ পদাধিকাৰজনেই আহোম জনগোষ্ঠীৰ ।

মনকৰিবলগীয়া যে, প্ৰায়ে শংকৰদেৱ সংঘ এনে ধৰণৰ বিৰ্তকৰ মাজত সোমাই আহিছে । ইতিমধ্যে এনে বহু ঘটনা ঘটিছে যাৰ বাবে শংকৰ সংঘ বহু দল-সংগঠনৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে । শংকৰদেৱৰ উদাৰ নীতিক ভৰিৰে মোহাৰি শংকৰ সংঘৰ কেতবোৰ পাবত গজা নেতাই শংকৰদেৱৰ সমগ্ৰ আদৰ্শ নীতিকে ভৰিৰে মোহাৰি আহিছে । বিগত কিছুদিন ধৰি এই লোকসকলৰ মইমতালি বৃদ্ধি পাই আহিছে ৷

‘কুকুৰ শৃগাল গৰ্দভৰো আত্মা ৰাম’ বুলি শ্ৰী মন্ত শংকৰদেৱে যি মহান আদৰ্শৰ বাণী দি থৈ গৈছে তাকো যেন কেৰেপ নকৰে এইসকল শংকৰ সংঘৰ বিষয়ববীয়াই । যাৰ বাবে প্ৰায়ে বিতৰ্কৰ কেন্দ্ৰবিন্দুত সোমাই পৰাৰ লগতে শংকৰ সংঘৰ নীতি-আদৰ্শক লৈও প্ৰশ্ন উত্থাপন হৈ আহিছে । আনকি গাহৰি, কুকুৰা পোহাৰ বাবেই শংকৰ সংঘই কেইবাজনো লোকক সমাজ ব্যৱস্থাৰ পৰা এঘৰীয়া কৰিছে ৷

লগতে পঢ়ক: Sankardev Sangha Controversy: ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধৰ হুংকাৰ টাইপাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.