ETV Bharat / state

ডিব্ৰুগড়ত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ - ভুৱা চিকিৎসক

ইয়াকুব আলি নামৰ এজন ভুৱা চিকিৎসকক আটক ডিব্ৰুগড় আৰক্ষীৰ ৷ 12 বছৰ ধৰি ডিব্ৰুগড় জিলাৰ হাটিআলি চাহ বাগিচাত ৰোগীক চিকিৎসা কৰি আহিছিল ইয়াকুব আলীয়ে ৷

Fake doctor arrested in Dibrugarh
ডিব্ৰুগড়ত গ্ৰেপ্তাৰ হ'ল ভুৱা চিকিৎসক
author img

By

Published : Jun 15, 2021, 9:58 PM IST

ডিব্ৰুগড়, 15 জুন : ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল এজন ভুৱা চিকিৎসক ৷ জানিব পৰা মতে, ইয়াকুব আলি নামৰ ভুৱা চিকিৎসকজনে ডিব্ৰুগড় জিলাৰ হাটিআলি চাহ বাগিচাত ৰোগীক চিকিৎসা কৰি আহিছিল ৷ ডাঃ ইয়াকুব আলি নামৰ একে নামৰ এজন চিকিৎসকৰ নামত প্ৰায় 12 বছৰ ধৰি ইয়াকুব আলিয়ে নিজকে এজন চিকিৎসক হিচাপে পৰিচয় দি আহিছিল ৷

ডিব্ৰুগড়ত গ্ৰেপ্তাৰ হ'ল ভুৱা চিকিৎসক

আৰক্ষীয়ে সদৰী কৰা মতে, ইয়াকুব আলিৰ ঘৰ দেৰগাঁৱৰ বাটিকুৰিয়াত ৷ চিৰাং জিলাৰ কাজলগাঁও চিভিল হাস্পতালত কৰ্মৰত চিকিৎসক ডাঃ ইয়াকুব আলিৰ পৰিচয় পত্ৰ আৰু প্ৰমান পত্ৰ নকল কৰি হাটিআলি চাহ বাগিচাত কৰ্মৰত হৈ আছিল দেৰগাঁৱৰ ইয়াকুব আলি ।

Fake doctor arrested in Dibrugarh
ডিব্ৰুগড়ত গ্ৰেপ্তাৰ হ'ল ভুৱা চিকিৎসক

জানিব পৰা মতে, মঙলবাৰে গোপন সূত্ৰৰ পম খেদি চলোৱা এক অনুসন্ধানত চাবুৱাৰ হাটিআলি চাহ বাগিচাত কৰ্মৰত চিকিৎসক ইয়াকুব আলি এজন ভুৱা চিকিৎসক বুলি ডিব্ৰুগড় আৰক্ষী নিশ্চিত হয় ৷ ইয়াৰ পাচতে ডিব্ৰুগড় আৰক্ষীয়ে ইয়াকুব আলীক গ্ৰেপ্তাৰ কৰে ৷

ইয়াৰ পূৰ্বে ইয়াকুব আলিয়ে চিকিৎসা বিষয়া হিচাপে গ্ৰীণউড চাহ বাগিচা (ডিব্ৰুগড়), বৰহোলা চাহ বাগিচা(যোৰহাট)ৰ দৰে প্ৰতিষ্ঠিত চাহ বাগিচাত ৰোগীক চিকিৎসা কৰিছিল ৷ বৰ্তমান আৰক্ষীয়ে চাবুৱা থানাত 101/21 নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ইউ/এছ 419/420/468ৰ অধীনত ইয়াকুব আলিক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: এবছৰে ন্যায়ৰ পৰা বঞ্চিত বৰহোলাৰ জয়ন্ত বৰাৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.