ETV Bharat / state

Fake doctor arrested : বহিৰাগত দুই ভুৱা চিকিৎসকক আটক দুলীয়াজান আৰক্ষীৰ - ভুৱা চিকিৎসকক আটক দুলীয়াজান আৰক্ষীৰ

এক গোপন সূত্ৰৰ পম খেদি দুলীয়াজান আৰক্ষীয়ে আটক কৰিছে দুই ভুৱা চিকিৎসকক (Duliajan police detain two fake doctors) ৷ ধৃত লোক দুজন ক্ৰমে মহম্মদ জামিল আহমেদ আৰু মহম্মদ বিছমিল্লাহ শেখ । ভুৱা চিকিৎসক দুজনে দুলীয়াজানৰ গগৈ মাৰ্কেটস্থিত হোটেল এঞ্জেল আৰু নাহৰকটীয়াৰ আনন্দ হোটেলত বাহৰ পাতি চলাই আহিছিল ৰোগীৰ চিকিৎসা ।

FAKE DOCTOR ARRESTED
বহিৰাগত দুই ভুৱা চিকিৎসকক আটক দুলীয়াজান আৰক্ষীৰ
author img

By

Published : Dec 13, 2021, 10:09 PM IST

মৰাণ, 13 ডিচেম্বৰ : দুলীয়াজানত মুন্নাভাই ৰূপী দুজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ । ভুৱা চিকিৎসক দুজনে দুলীয়াজানৰ গগৈ মাৰ্কেটস্থিত হোটেল এঞ্জেল আৰু নাহৰকটীয়াৰ আনন্দ হোটেলত বাহৰ পাতি চলাই আহিছিল ৰোগীৰ চিকিৎসা । দুলীয়াজান আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আটক কৰিছে এই দুই ভুৱা চিকিৎসকক (Duliajan police detain two fake doctors) ।

ধৃত লোক দুজন ক্ৰমে মহম্মদ জামিল আহমেদ আৰু মহম্মদ বিছমিল্লাহ শেখ । ধৃত ভুৱা চিকিৎসক দুজনৰ ঘৰ বিহাৰৰ কাইমোৰ জিলাত বুলি জানিব পৰা গৈছে । ধৃত ভুৱা চিকিৎসক দুজনৰ পৰা চিকিৎসা সেৱাত ব্যৱহৃত বিভিন্ন সামগ্ৰীও জব্দ কৰিছে আৰক্ষীয়ে ।

এই সন্দৰ্ভত দুলীয়াজান আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ৪১৯/৪২০/৪০৬ অধীনত ৫৯২/২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে ।

ইফালে, একেদিনাই ভুৱা চিকিৎসকৰ অভিযোগত অৰবিন্দ নামৰ এগৰাকী লোকক আটক কৰিছে মাজুলীৰ নয়াবজাৰ আৰক্ষীয়ে (fake doctor arrested) ৷ আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, এক সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, অৰবিন্দ নামৰ লোকজনে চিকিৎসকৰ ডিগ্ৰী নোহোৱাকৈয়ে দীৰ্ঘদিন ধৰি চলাই আহিছিল চিকিৎসা সেৱা ৷

লগতে পঢ়ক: Fake doctor arrested : এগৰাকী ভুৱা চিকিৎসকক আটক মাজুলী আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.