ETV Bharat / state

Chaliha Bareghar Satra controversy : পিতৃৰ তিলনিৰ দিনা পুত্ৰক মুক্তি দিবলৈ কিয় নাহিল ভকত ?

author img

By

Published : Feb 25, 2023, 7:05 PM IST

গাহৰি বা হাঁহ-কুকুৰা পালন কৰাৰ বাবে বিভিন্ন সময়ত বহুতক সমাজৰ পৰা এঘৰীয়া হোৱাৰ বাতৰিয়ে সম্প্ৰতি ৰাজ্যত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । এনে সময়তে এইবাৰ ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী মেৰবিল চলিহা বাৰেঘৰ সত্ৰত সংঘটিত হৈছে অনুৰূপ ঘটনা (Society expelled youth for rearing poultry)। অৱশ্যে এঘৰীয়া কৰা যুৱকৰ অভিযোগ মিছা বুলি দাবী কৰিছে সত্ৰ সমাজে ।

Chaliha Bareghar Satra controversy
পিতৃৰ তিলনিৰ দিনা পুত্ৰক মুক্তি দিবলৈ কিয় নাহিল ভকত

মৰাণ,২৫ ফেব্ৰুৱাৰী : শংকৰ সংঘ নহয় এইবাৰ বিতৰ্কত সত্ৰ । হাঁহ-কুকুৰা পালন কৰাৰ বাবে সত্ৰ সমাজে এঘৰীয়া কৰাৰ অভিযোগ উত্থাপন হৈছে । এই ঘটনা ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ শ্ৰীশ্ৰী মেৰবিল চলিহা বাৰেঘৰ সত্ৰৰ (Sri Sri Chaliha Bareghar Satra)। অৱশ্যে সত্ৰ সমাজে নস্যাৎ কৰিছে যুৱকৰ অভিযোগ । আন কাৰণত হে সমাজে যুৱকজনক এঘৰীয়া কৰিছে ! অৱশ্যে সমগ্ৰ বিষয়টোক লৈ অঞ্চলটোত তীব্ৰ বিতৰ্ক আৰম্ভ হৈছে (Chaliha Bareghar Satra controversy)।

শ্ৰীশ্ৰী মেৰবিল চলিহা বাৰেঘৰ সত্ৰৰ এগৰাকী যুৱক জিতু খনিকৰে অভিযোগ কৰা মতে হাঁহ-কুকুৰা পালন কৰাৰ বাবে তেওঁক সত্ৰ সমাজে বহিষ্কাৰ কৰিছে । চাচনীৰ যুৱকজনে জনোৱা মতে তেওঁৰ ঘৰত পিতৃৰ তিলনিৰ দিনাও উপস্থিত নাথাকিল সত্ৰৰ এজনো ভকত । জিতু খনিকৰে স্বাৱলম্বী হোৱাৰ উদ্দেশ্যেৰে ঘৰতে আৰম্ভ কৰিছিল হাঁহ আৰু কুকুৰাৰ ব্যৱসায় ।

কিন্তু হাঁহ-কুকুৰা পোহাৰ বাবেই শ্ৰীশ্ৰী মেৰবিল চলিহা বাৰেঘৰ সত্ৰৰ সমাজে সংগীৰ পদৰ পৰা তেওঁক বহিষ্কাৰ কৰিলে (Society expelled youth in Chaliha Bareghar Satra)। পিতৃৰ তিলনিৰ দিনা জিতু খনিকৰক শুদ্ধিকৰণ কৰিবলৈ এজন ভকতো ওলাই নাহিল । যাৰবাবে সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি সমাজ ব্যৱস্থাৰ প্ৰতি ক্ষোভ উজাৰিলে যুৱকজনে ।

লগে লগে বিষয়টোক লৈ অঞ্চলটোত প্ৰতিক্ৰিয়া আৰম্ভ হয় । ইফালে এই অভিযোগ অস্বীকাৰ কৰিছে শ্ৰীশ্ৰী মেৰবিল চলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ গজেন মহন্তই । সত্ৰাধিকাৰগৰাকীয়ে সংবাদমাধ্যমৰ আগত জনোৱা মতে কুকুৰা পোহাৰ বাবে নহয় জিতু খনিকৰে নিজৰ পিতৃ আৰু বৰমাকক মাৰপিট কৰাৰ বাবেহে সত্ৰ সমাজৰ পৰা বহিষ্কাৰ কৰা হৈছিল । যুৱকজনে সামাজিক মাধ্যমৰ জৰিয়তে মিথ্যাচাৰৰ আশ্ৰয় লৈ সমাজ ব্যৱস্থাক বিপথে পৰিচালিত কৰা বুলিও তেওঁ অভিযোগ কৰে ।

যাৰ বাবে সত্ৰ সমাজ আজি লজ্জিত অনুভৱ কৰিছে । আনহাতে সত্ৰ সমাজক লজ্জানত কৰাৰ বাবে যুৱকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে সত্ৰাধিকাৰগৰাকীয়ে । একেই অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ বৰদেউতাকে (Chaliha Bareghar Satra allegation against youth)। বৰদেউতাকে সংবাদ মাধ্যমক জনোৱা মতে কেৱল কুকুৰা পোহাৰ বাবেই নহয় যুৱকজনে নিজৰ পিতৃ আৰু বৰমাকক অত্যাচাৰ কৰাৰ বাবেই সত্ৰৰ সংগীৰ পদৰ পৰা বহিষ্কাৰ কৰা হৈছে ।

অৱশ্যে সমগ্ৰ বিষয়টো এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে । প্ৰকৃততে কোন সঁচা, কোন মিছা ? হাঁহ-কুকুৰা পালন কৰাৰ বাবে নে পিতৃ আৰু বৰমাকক মাৰপিট কৰাৰ বাবে জিতু খনিকৰক সমাজৰ পৰা বহিষ্কাৰ কৰা হৈছে ! সেইয়া অনাগত দিনত হে স্পষ্ট হ'ব ।

লগতে পঢ়ক :Scam in Majuli Panchayat: মাজুলীৰ পঞ্চায়তত পৰ্বতসম কেলেংকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.