ETV Bharat / state

মৰাণৰ এখন ফাৰ্মাচীত বিক্ৰী হ'ল ম্যাদ উকলি যোৱা ঔষধ

author img

By

Published : Jun 19, 2020, 3:11 PM IST

মৰাণ নগৰস্থিত লাইফ কেয়াৰ নামৰ ফাৰ্মাচীখনৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ ৷ এগৰাকী লোকক ম্যাদ উকলি যোৱা ঔষধ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে ফাৰ্মাচী কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

Expired medicine sold in Moran
Expired medicine sold in Moran

মৰাণ, 19 জুনঃ মৰাণ নগৰৰ এখন ফাৰ্মাচীত ম্যাদ উকলা ঔষধ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এগৰাকী ফটো সাংবাদিকক মে' মাহতে ম্যাদ উকলি যোৱা ঔষধ বিক্ৰী কৰাৰ বাবে ভুক্তভোগী লোক গৰাকীয়ে মৰাণহাট আৰক্ষী চকীত দাখিল কৰিছে এখন এজাহাৰ ৷

মৰাণৰ এখন ফাৰ্মাচীত বিক্ৰী হ'ল ম্যাদ উকলি যোৱা ঔষধ

মৰাণ নগৰস্থিত লাইফ কেয়াৰ নামৰ ফাৰ্মাচীখনত সংঘটিত হৈছে এই ঘটনা ৷ উল্লেখ্য যে লোকজনে ZOCERIN-GM নামৰ ঔষধ ক্ৰয় কৰি নি নিজ মাতৃক খাবলৈ দিয়াৰ পিচতহে ম্যাদ উকলি যোৱাৰ তথ্য পোহৰলৈ আহে ৷ বৃহস্পতিবাৰে পুনৰ যুৱকজনে সংবাদ মাধ্যমৰ উপস্থিতিত ফাৰ্মাচীখনৰ পৰা একেটা ঔষধ ক্ৰয় কৰোতে পুনৰ মে' মাহতে ম্যাদ উকলা ঔষধ বিক্ৰী কৰে ৷ লগে লগে লোকজনে সমগ্ৰ ঘটনা সন্দৰ্ভে মৰাণহাট আৰক্ষীক অৱগত কৰাৰ লগতে এঝন এজাহাৰো দাখিল কৰে ৷ সম্প্ৰতি মৰাণহাট আৰক্ষীয়ে ফাৰ্মাচীখনৰ গৰাকী দীপক আগৰৱালাক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে ৷ এই সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে আছুৰ চৰাইদেউ জিলা সমিতিৰ সাধাৰণ সম্পাদক অনুপজ্যোতি ভূঞাই ৷ লগতে বিষয়টোৰ উচিৎ তদন্তৰ আহ্বান জনাইছে সাধাৰণ সম্পাদক গৰাকীয়ে ৷

লগতে পঢ়কঃ ঘোচ লোৱা অৱস্থাত গ্ৰেপ্তাৰ ধেমাজিৰ ৰেঞ্জাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.