ETV Bharat / state

ৰাজগড় শাখা সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভা

ৰাজগড় শাখা সাহিত্য সভাৰ সভাপতি চিন্ময়জ্যোতি হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহ সভাত ৰাজগড় শাখা সাহিত্য সভাৰ অধিৱেশনখন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷

Execution_of_Sahitya_Sabha
ৰাজগড় শাখা সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভা
author img

By

Published : Dec 17, 2020, 7:18 AM IST

টিংখাং,17 ডিচেম্বৰ: বুধবাৰে ৰাজগড় শাখা সাহিত্য সভাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় ৷ ৰাজগড় শাখা সাহিত্য সভাৰ সভাপতি চিন্ময়জ্যোতি হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত কৰা সভাখনৰ প্ৰাক মুহুৰ্ততে সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ৷ সেই সভাতে ৰাজগড় শাখা সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত আলোচনা কৰি সভাৰ সিদ্ধান্ত অনুসৰি অহা ২৭ ডিচেম্বৰ দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ৰাজগড় শাখা সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভা

ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰমোদ দত্তৰ বিভিন্ন কাকত আলোচনী আদিত প্ৰকাশিত লিখনি সমূহ একগোট কৰি ৰাজগড় শাখা সাহিত্য সভাই সংকলন আকাৰত প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে দত্তই সম্পাদনা কৰা প্ৰায় দুকুৰী গ্ৰন্থৰ সম্পাদকীয় সমূহো সুকীয়াকৈ প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়ক: সতী সাধনিৰ জীৱনীৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাণ কৰিব চুতীয়া ছাত্র সন্থাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.