মৰাণ,18 মাৰ্চঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই মাহমৰাৰ ৰাজনৈতিক পৰিৱেশ প্ৰতিদিনেই সলনি হৈছে । মাহমৰাত দুটাকৈ নতুন আঞ্চলিক দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সমান্তৰালভাৱে বিজেপি প্ৰাৰ্থী মন্ত্ৰী যোগেন মহনৰ শক্তিশালী গণ ভেটিয়ে নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । মাহমৰাত বৃহস্পতিবাৰে প্ৰাক্তন আছু নেতা বিকাশ খামনে বিজেপি দলত যোগদান কৰে । লগতে বহু কেইজন প্ৰাক্তন ছাত্র নেতাই বিজেপিত যোগদান কৰাত মন্ত্ৰী যোগেন মহনে দলীয় গামোচা পিন্ধাই তেওঁলোকক দললৈ আদৰণি জনায় ।
লগতে পঢ়কঃ ভোটগ্ৰহণৰ দিনকেইটা ৰাজ্যত ৰাজহুৱা বন্ধ ঘোষণা