ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ চেৰেপাখাটিৰ দৰিদ্ৰ লোক সকললৈও আহিল সাহাৰ্য

author img

By

Published : Apr 12, 2020, 1:48 PM IST

Updated : Apr 12, 2020, 2:55 PM IST

ইটিভি ভাৰতত এক বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতে দেওবাৰে খোৱাং চেৰেপাখাটিৰ দৰিদ্ৰ লোক সকলৰ মাজত সাহাৰ্য বিতৰণ কৰিলে কেইবাগৰাকীও লোকে ।

etv news impact: relief to the poor people of khowang

মৰাণ, 12 এপ্ৰিলঃ অৱশেষত খোৱাং চেৰেপাখাটিৰ দৰিদ্ৰ লোক সকলৰ কাষলৈয়ো আহিল সাহাৰ্য । লক ডাউনৰ ফলত গাঁওখনৰ দৰিদ্ৰ লোকৰ মাজত দেখা দিছিল খাদ্য সংকটে । অনাহাৰে দিন কটাবলগীয়া হৈছিল বহুকেইটা পৰিয়ালে । এই সন্দৰ্ভত শুকুৰবাৰে ইটিভি ভাৰতত এক বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতে দেওবাৰে গাঁওখনলৈ খাদ্য সামগ্ৰী লৈ আগমন ঘটে বহু লোকৰ । মৰাণৰ হেলাগাঁৱৰ নিৱাসী, মৰাণ মহিলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা মুচফিকা বেগম আৰু তেওঁৰ স্বামী নৱাজ খানে খোৱাং চেৰেপাখাটি গাঁওখনৰ ৬০ টা দৰিদ্ৰ পৰিয়ালক চাউল, তেল, পিয়াঁজ, চাবোনকে ধৰি কেইবাবিধো অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে ।

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ সাহাৰ্য আহিল খোৱাং চেৰেপাখাটিৰ দৰিদ্ৰ লোক সকলৰ মাজত

আনহাতে একেদিনাই গাঁওবাসীক সহায়ৰ বাবে আগবাঢ়ি আহিল মৰাণ ব্যৱসায়ী সন্থাও । গাঁওখনৰ অতি দৰিদ্ৰ শ্ৰেণীৰ ৬০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিলে সন্থাটোৱে । সন্থাৰ সভাপতি ময়ুৰ বৰুৱাৰ নেতৃত্বত যোৱা দলটোৱে ঘৰে ঘৰে গৈ সাহাৰ্য বিতৰণ কৰে পৰিয়াল সমূহক । জানিব পৰা মতে, এই পৰ্যন্ত এই লোকসকলৰ অৱস্থা সম্পৰ্কে খবৰ লোৱা নাই স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে ।

লগতে পঢ়কঃ লক ডাউনঃ খাদ্য সংকটে দেখা দিছে খোৱাঙৰ বৃহত্তৰ অঞ্চলত

Last Updated : Apr 12, 2020, 2:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.