ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ জানমনিলৈ সহায়ৰ হাত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ

author img

By

Published : May 10, 2020, 5:55 PM IST

ডিব্ৰুগড়ৰ জানমনিক এধানি সহায়ৰ বাবে আগবাঢ়ি আহিল ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লেখক ড৹ শশীকান্ত শাইকীয়া ।

etv news impact: principal of kanoi college halped janmoni

ডিব্ৰুগড়, 10 মে': শনিবাৰে ইটিভি ভাৰতত সম্প্ৰচাৰিত এক বাতৰিৰ পিচতে দেওবাৰে, ডিব্ৰুগড়ৰ জানমনিক এধানি সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিল এগৰাকী হৃদয়বান ব্যক্তি । জানমনিৰ কঠোৰ পৰিশ্ৰমৰ বাতৰি দেখি যুৱতীগৰাকীৰ আধৰুৱা শিক্ষা জীৱন সম্পূৰ্ণ কৰাবলৈ আগবাঢ়ি আহিছে ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লেখক ড৹ শশীকান্ত শাইকীয়া । অধ্যক্ষ গৰাকী সাজু জানমনিৰ পৰৱৰ্তী শিক্ষাৰ ব্যয় বহন কৰিবলৈ ।

জানমনিক সহায়ৰ বাবে আগবাঢ়ি আহিল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ

ইয়াৰোপৰি জানমনিৰ জীৱন সংগ্ৰামৰ বাতৰি ইটিভি ভাৰতযোগে সম্প্ৰচাৰ হোৱাৰ পিচত কিশোৰী গৰাকীক বিভিন্ন প্ৰেৰণাৰে উৎসাহিত কৰিছে ভিন্নজনে । উল্লেখ্য যে, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে জানমনিক শিক্ষাৰ লগতে আৰ্থিকভাৱেও সহায় কৰিব বুলি উল্লেখ কৰিছে ।

লগতে পঢ়কঃ চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা জানমনিৰ কথাৰে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.