ETV Bharat / state

ETV Bharat Impact: মথাউৰি নিৰ্মাণত হোৱা দুৰ্নীতি সন্দৰ্ভত বিধায়ক চক্ৰধৰ গগৈৰ প্ৰতিক্ৰিয়া - MLA Chakradhar Gogoi reacts to corruption in embankment construction

"22 কোটি টকাৰ ব্যয় সাপেক্ষে মৰাণ সমষ্টিত নিৰ্মাণ হৈ থকা চেঁচা নদীৰ মথাউৰিটোৰ নিৰ্মাণ কাৰ্যত কোনো দুৰ্নীতি হোৱা নাই ৷ ঠিকাদাৰে এতিয়ালৈকে 50 % ধনহে লাভ কৰিছে ৷ খৰালিৰ সময়ত আধৰুৱা কাম খিনি অতি উন্নত মাণদণ্ডৰে সম্পূৰ্ণ কৰা হ'ব ৷" সংবাদ মাধ্যমৰ আগত এই মন্তব্য বিধায়ক চক্ৰধৰ গগৈৰ ৷

etv-bharat-news-impact-mla-chakradhar-gogoi-reacts-on-corruption-in-embankment-construction
মথাউৰি নিৰ্মাণত দুৰ্নীতি সন্দৰ্ভত বিধায়ক চক্ৰধৰ গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ
author img

By

Published : Aug 26, 2021, 9:17 PM IST

মৰাণ,26 আগষ্ট: ডিব্ৰুগড়ৰ মৰাণ সমষ্টিত 22 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা চেঁচা নদীৰ মথাউৰিৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ বাতৰি ইটিভি ভাৰত,অসমে প্ৰকাশ কৰাৰ পাছতে বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷ বিধায়ক গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, "মথাউৰি নিৰ্মাণত দুৰ্নীতি হোৱা নাই ৷ স্থানীয় ৰাইজে অভিযোগ কৰা "হানচাৰি" নামৰ ঠিকাদাৰ গৰাকীয়ে 50% ধনহে লাভ কৰিছে ৷ বাৰিষা শেষ হ'লেই পুনৰ কাম আৰম্ভ কৰা হ'ব ৷"

ইতিমধ্যে বিভাগৰ বিষয়া আৰু ঠিকাদাৰৰ লগতো এই সম্পৰ্কত আলোচনা কৰা হৈছে বুলিও জনালে বিধায়কজনে ৷ খৰালিৰ সময়ত মথাউৰিটো নিৰ্মাণৰ এই কাম কৰিব পৰাকৈ পৰ্যাপ্ত ধন আছে বুলি জনাইছে বিধায়ক গৰাকীয়ে ৷ আনহাতে মথাউৰিটোৰ ওপৰত কৰিবলগীয়া শিললীকৰণো খুউব ধুনীয়াকৈ কৰা হ'ব বুলি জনাইছে বিধায়ক গৰাকীয়ে ৷ আনচাৰি নামৰ ঠিকাদাৰ গৰাকীৰ বাহিৰে আন দুজন ঠিকাদাৰে ভালকৈ কাম কৰিছে বুলিও উল্লেখ কৰিলে বিধায়ক গৰাকীয়ে ৷

মথাউৰি নিৰ্মাণত দুৰ্নীতি সন্দৰ্ভত বিধায়ক চক্ৰধৰ গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ

কিন্তু সামান্য বৰষুণতে ভিন্ন স্থানত মথাউৰিটো খহি যোৱাৰ পাছতো মথাউৰি নিৰ্মাণত দুৰ্নীতি হোৱা নাই বুলি বিধায়ক জনে কোৱাৰ পাছত স্থানীয় ৰাইজে কেনেদৰে আশ্বস্ত হয় সেয়াহে লক্ষ্যনীয় হ'ব ।

উল্লেখ্য যে,ডিব্ৰুগড়ৰ লৰুৱা মৌজাৰ অন্তৰ্গত মৰাণ সমষ্টিৰ লেজাই বৰ্দৈবাম গাঁৱৰ পৰা ৰঙাগৰালৈ 2019 বৰ্ষতে 22 কোটি টকা ব্যয় সাপেক্ষ আৰম্ভ হৈছিল 11 কিঃমিঃ দৈঘ্যৰ চেঁচা নদীৰ মথাউৰিটোৰ নিৰ্মাণ কাম ৷ 2019 বৰ্ষত সেই সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মথাউৰি নিৰ্মাণৰ বাবে আৱণ্টন দিছিল উক্ত 22 কোটি টকা ৷ মথাউৰি নিৰ্মাণৰ নিবিদা লাভ কৰিছিল বহু কেইটা ঠিকাদাৰ গোষ্ঠীয়ে ৷

লগতে পঢ়কঃ মুখাশিল্পক জীয়াই ৰাখিবলৈ এদল কিশোৰৰ ব্যতিক্ৰমী প্ৰচেষ্টা ...

কিন্তু জনশূণ্য কেইবাটাও অঞ্চলত স্থানীয় কিছু যুৱকৰে মিলি ঠিকাদাৰে নিম্ন মানদণ্ডৰে মথাউৰিৰ নিৰ্মান কৰাৰ অভিযোগ তুলিছিল স্থানীয় ৰাইজে ৷ ৰাইজৰ চকুত ধূলি মাৰি সামান্য কামেৰে পুৰণি ৰিং বান্ধত মাটি জাপি কাম সামৰা এনে স্থান সমূহত এতিয়া বৰষুণৰ পানীয়ে খহাই নিছে মথাউৰিটোৰ বৃহৎ অংশ ৷ এই সন্দৰ্ভত তীব্ৰ ক্ষোভ তথা শংকা প্ৰকাশ কৰিছিল স্থানীয় ৰাইজে ৷ এই সন্দৰ্ভত যোৱা 19 আগষ্টত ইটিভি ভাৰত অসমে সবিস্তাৰে বাতৰি প্ৰকাশ কৰিছিল ৷

লগতে পঢ়কঃ ডিব্ৰুগড়ত 22 কোটি টকীয়া মথাউৰি নিৰ্মাণত ব্যাপক দুৰ্নীতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.