ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰি প্ৰভাৱঃ সমবায়ৰ এজেণ্টৰ বিৰুদ্ধে অভিযান মৰাণত

author img

By

Published : Apr 26, 2020, 1:07 PM IST

মৰাণ সমষ্টিৰ তিলৈ সমবায় সমিতিৰ অন্তৰ্গত সমবায়ৰ এজেণ্ট নং ৭১ৰ এজেন্ট বাসুদেউ চাহুৰ বিৰুদ্ধে অভিযান সমবায় যোগান বিভাগৰ জিলা উচ্চ পৰ্যায় বিষয়াৰ ৷

ETV BAHARAT NEWS IMPACT AT MORAN
ইটিভি ভাৰতৰ বাতৰি প্ৰভাৱঃ সমবায়ৰ এজেণ্ট বাসুদেউ চাহুৰ বিৰুদ্ধে অভিযান জিলা উচ্চ পৰ্যায় বিষয়াৰ

মৰাণ,26 এপ্ৰিল: ইটিভি ভাৰতত দুৰ্নীতিৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ তিলৈ সমবায় সমিতিৰ অন্তৰ্গত সমবায়ৰ এজেণ্ট নং ৭১ ৰ এজেন্ট বাসুদেউ চাহুৰ বিৰুদ্ধে অভিযান ৷ খাদ্য সুৰক্ষা আঁচনিৰ অন্তৰ্ভুক্ত হিতাধিকাৰীৰ ৰেচন কাৰ্ডৰ বিপৰীতে অহা চাউল আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল সমবায়ৰ এজেন্ট জনৰ বিৰুদ্ধে ৷ এই বাতৰি ইটিভি ভাৰতত সম্প্ৰচাৰ হোৱাৰ পাছতে শুকুৰবাৰে এজেন্ট গৰাকীৰ সুলভ মূল্য দোকানৰ লগতে বাসগৃহত অভিযান চলাই সমবায় যোগান বিভাগৰ জিলা উচ্চ পৰ্যায় বিষয়াৰ এটা দলে ৷ এই অভিযানত এজেন্ট গৰাকীৰ বাসগৃহৰ পৰা কেইবা কুইন্টল চাউলৰ লগতে ৰেজিষ্টাৰ জব্দ কৰাৰ কথা জনাই অভিযানকাৰী দলটোৰ বিষয়াসকলে। ইয়াৰ উপৰিও অভিযানকাৰী বিষয়াই তিনি মাহলৈ বন্ধ কৰি দিয়ে এজেন্টজনৰ সুলভ মূল্য দোকান ।

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা হিতাধিকাৰীৰ বাবে অহা চৰকাৰী চাউলত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল বাসুদেউ চাহুৰ বিৰুদ্ধে ৷ এজেন্ট বাসুদেউ চাহুৱে প্ৰতিটো পৰিয়ালৰ নামত অহা চাউলৰ পৰা প্ৰায় 2 কিলোগ্ৰামকৈ কাটি ৰখাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । তাৰোপৰি প্ৰত্যেকটো হিতাধিকাৰী পৰিয়ালৰ সদস্যক 5 কিলোগ্ৰাম চাউল দিব লাগে যদিও কিছুমান হিতাধিকাৰী পৰিয়ালৰ 2-3 জন হিতাধিকাৰীৰ নামত অহা চাউল আত্মসাৎ কৰি ক'লা বজাৰত অধিক দামত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । এজেন্ট জনে দৰিদ্ৰ ৰাইজলৈ অহা চাউলৰ উপৰিও কেৰাচিনো ৰাইজক চৰকাৰে নিৰ্ধাৰণ কৰি দিয়াৰ জোখেৰে নিদিয়াৰ অভিযোগ কৰিছিল ৰাইজে । কিন্তু এনে অভিযোগ পোৱা মাত্ৰেই অন্য ঠাইত ডিব্ৰুগড় জিলা প্ৰশাসনে এজেন্টৰ অনুজ্ঞা পত্ৰ বাতিল কৰি আছিল যদিও কিন্তু মৰাণৰ এজেন্ট বাসুদেউ চাহুৰ অনুজ্ঞা পত্ৰ বাতিল নকৰাক লৈ মৰাণৰ গ্ৰাহকৰ লগতে সচেতন মহলে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷ অভিযোগ অনুসৰি মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ আশীৰ্বাদপুষ্ট হোৱাৰ বাবেই বাসুদেউ চাহুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নাছিল সংশ্লিষ্ট বিষয়া তথা বিভাগে ৷ এতিয়া প্ৰশ্ন হয় এই দৰে দৰিদ্ৰজনৰ মুখৰ ভাত কাঢ়ি খোৱা দুৰ্নীতিকাৰীৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া হব লক্ষণীয় ৷

লগতে পঢ়কঃ লক ডাউন ভংগঃ ৰঙিয়াত আটক 20 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.