ETV Bharat / state

মৰাণৰ নতুন বলাইত বুঢ়ীদিহিঙৰ ব্যাপক খহনীয়া - সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদ

দীৰ্ঘদিন ধৰি দিহিং মথাউৰিৰ কাষত খহনীয়া অব্যাহত থকাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে । কেনেবাকৈ যদি বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে এই দিহিং মথাউৰিটো ভাঙে তেন্তে মূহুৰ্ততে ক্ৰমে নতুন বলাই , পুৰণি বলাই ,ন-পাম থান গাঁও , নাওজান আদিকে ধৰি এক বৃহৎ অঞ্চল বুঢ়ীদিহিঙৰ পানীৰে প্লাবিত হৈ পৰিব ।

Erosion of Burhidihing River
Erosion of Burhidihing River
author img

By

Published : Aug 29, 2020, 12:59 AM IST

মাৰণ, 27 আগষ্ট : বুঢ়ীদিহিং নদীৰ বাঢ়নী পানী ক্ৰমাৎ শুকাবলৈ আৰম্ভ কৰিছে । ইয়াৰ সমান্তৰালভাৱে আৰম্ভ হৈছে নদীৰ গৰাখহনীয়া । চিন্তিত হৈ পৰিছে দিহিং মথাউৰিৰ কাষত বসবাস কৰা লোকসকল । এনেদৰে নিতৌ খহি কালৰূপ ধাৰণ কৰা দিহিং মথাউৰিৰ বাবে উজাগৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত নতুন বলাইৰ গাঁওবাসী । জিলাখনৰ পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত লৰুৱা মৌজাৰ এলেকাধীন নতুন বলাই গাঁওখনৰ দাঁতিত থকা বুঢ়ীদিহিং নদীৰ গৰা খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে । সম্প্ৰতি বুঢ়ীদিহিঙৰ পানীয়ে দিহিং মথাউৰিটোৰ একাংশ খহাই পেলাইছে ।

মৰাণৰ নতুন বলাইত বুঢ়ীদিহিঙৰ ব্যাপক খহনীয়া

এই ক্ষেত্ৰত সংশ্লিষ্ট জলসম্পদ বিভাগ , সমষ্টিৰ জনপ্ৰতিনিধি চক্ৰ গগৈ , জিলা প্ৰশাসন , গাঁও পঞ্চায়ত , জিলা পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদেও আজিকোপতি বিষয়টো কোনো গুৰুত্বৰ সহকাৰে লোৱা নাই বুলি ৰাইজে অভিযোগ তুলিছে । দীৰ্ঘদিন ধৰি এই মথাউৰিৰ কাষত খহনীয়া অব্যাহত থকাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে ।

কেনেবাকৈ যদি বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে এই দিহিং মথাউৰিটো ভাঙে তেন্তে মূহুৰ্ততে ক্ৰমে নতুন বলাই , পুৰণি বলাই ,ন-পাম থান গাঁও , নাওজান আদিকে ধৰি এক বৃহৎ অঞ্চল বুঢ়ীদিহিঙৰ পানীৰে প্লাবিত হৈ পৰিব । ফলত ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব । অৱশেষত ৰাইজে সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে জলসম্পদ বিভাগক বহু বাৰ অনুৰোধ কৰাৰ পাছতো ৰাইজৰ সমস্যাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদিয়াত ৰাইজে দান বৰঙণি তুলি নিজৰ শ্ৰমদানেৰে নিৰ্মাণ কৰিলে পাকুপাইন ।

লগতে পঢ়ক : নিৰ্বাচনী চমক সৃষ্টিৰ বাবেই আছিল নেকি ৰ'পৱে সেৱা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.