মৰাণ, 29 জুন : ৰাজ্য চৰকাৰে তৎপৰতাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ কথা কৈ থাকে ৷ কিন্তু খোদ ক্ৰীড়া, শক্তি আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ সমষ্টিত ঘৰ মাটি ভেঁটি হেৰুৱাই কান্দিছে ৰাইজে । ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অধীনৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং ভঁৰালিবাৰী কলিতা গাঁৱত বুঢ়ীদিহিং নদীৰ ভয়ানক গৰাখহনীয়াই গাঁও খনৰ বাবে প্ৰচণ্ড ভাবুকিৰ সৃষ্টি কৰিছে ।
উল্লেখযোগ্য যে, ১৯৮৫ চনৰ পৰা হোৱা বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াই ২নং ভঁৰালিবাৰী কলিতা গাৱঁৰ বুকুৰ পৰা প্ৰায় ২৫০০ হেক্টৰ কৃষিভূমি খহাই গাওঁখনৰ অস্তিত্ব বিপন্ন কৰি তুলিছে । বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াই ২নং ভঁৰালিবাৰী কলিতা গাঁৱৰ কৃষিভূমিৰ উপৰিও বহু পৰিয়ালৰ ঘৰৰ ভেঁটি উচন কৰাৰ লগতে উক্ত গাৱঁৰ ৬৫টা পৰিয়ালৰ ঘৰৰ ভেঁটিৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে ।
মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত লেঙেৰী মৌজাস্থিত ২নং ভঁৰালিবাৰী কলিতা গাঁও খনৰ সোঁৱে-বাঁৱে বুঢ়ীদিহিং নদীয়ে আৱৰি থকাৰ পৰিপ্ৰৰেক্ষিতত মাজুলী সদৃশ গাওঁ খনক খহনীয়াই সংকুচিত কৰি উক্ত গাঁও খনৰ জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে । এই ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
কিয়নো বিগত বৰ্ষসমূহত উক্ত গৰাখহনীয়া অঞ্চল সমূহত মন্ত্ৰী বিমল বৰাই প্ৰদৰ্শন কৰি প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ কথা ৰাইজক কৈছিল যদিও গৰাখহনীয়া প্ৰতিৰোধৰ বাবে মন্ত্ৰী জনে আজি পৰ্যন্ত কোৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।
লগতে পঢ়কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ অনুদান