মৰাণ,24 মে’ : কৰ’ণাৰ ভয়াৱহতাৰ মাজতে ডিব্ৰুগড়ৰ চাবুৱাৰ ৰংমলাত প্ৰৱল গৰাখহনীয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ বিগত বৰ্ষৰ লেখীয়াকৈ এইবাৰো ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াই নিশ্চিহ্ন কৰাৰ পথত অঞ্চলটো ৷
উল্লেখ্য যে, বিগত বৰ্ষত অঞ্চলটোৰ 90 টাতকৈ অধিক পৰিয়ালে ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-মাটি সকলো হেৰুৱাই ৰাইডাং অঞ্চলত বসবাস কৰিবলগীয়া হৈছিল ৷ সেয়েহে এইবেলিও এই খহনীয়াৰ আশংকা কৰি 40 টাতকৈ অধিক পৰিয়ালে আপোন ঘৰখন ভাঙি বয়-বস্তুসমূহ উলিয়াইছে যদিও আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷
নৈপৰীয়া ৰাইজে দিনে-নিশাই খহনীয়াৰ প্ৰচণ্ড শব্দৰ লগতে মৃত্যুৰ আশংকাত বিনিদ্ৰ ৰজনী পাৰ কৰাৰ লগতে শংকিত হৈ পৰিছে । ইতিমধ্যে অঞ্চলটোত পঞ্চায়তৰ সদস্য উপস্থিত হৈ খহনীয়াৰ পৰিদৰ্শন কৰিছে ৷ শীঘ্ৰেই এই অঞ্চলবাসীক খহনীয়াৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে নৈপৰীয়াবাসীৰ লগতে পঞ্চায়তৰ সদস্যই ৷
লগতে পঢ়ক : আলফাৰ সৈতে সাম্ভাব্য শান্তি চুক্তি: মুখ্যমন্ত্ৰীক শুভেচ্ছা এন পি পি অসমৰ