ETV Bharat / state

ঘোৰ অন্ধকাৰত কৃষকৰ জীৱন: এফালে গৰাখহনীয়া আনফালে মিনি লকডাউন

author img

By

Published : May 19, 2021, 5:46 PM IST

বাৰিষাৰ পূৰ্বেই ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ প্ৰৱল গৰাখহনীয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়তৰ কৃষক ৰাইজে কটাইছে বিনিদ্ৰ ৰজনী ৷ আনফালে মিনি লকডাউনৰ বাবে বজাৰ নোহোৱাত ঘোৰ অন্ধকাৰত কৃষকৰ জীৱন, পথাৰতে গেলিবলৈ ধৰিছে শাক-পাচলি ৷

erosion-at-ex-cms-home-panchayat-of-chabua
ঘোৰ অন্ধকাৰত কৃষকৰ জীৱন এফালে গৰাখহনীয়া আনফালে মিনি লকডাউন

মৰাণ, 19 মে’ : প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়ততে বাৰিষাৰ পূৰ্বেই ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নদীৰ প্ৰৱল গৰাখহনীয়া । বিগত বৰ্ষত গৰা খহনীয়াই ৯০ টাতকৈ অধিক পৰিয়ালৰ ঘৰ-মাটি উটুৱাই নিয়াৰ পিছতেই চৰকাৰে ১১ কোটি টকাৰে পাৰ্কোপাইনৰ ব্যৱস্থা কৰি গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছিল ৷

অৱশ্যে, পাৰ্কোপাইনেও প্ৰতিৰোধ কৰিব নোৱাৰিলে খহনীয়া । ফলস্বৰূপে এই সময়চোৱাত মৰিগাঁও, ৰংমলা, কুলিগাঁও আদি চাৰিখনকৈ গাঁৱৰ ৰাইজ চিন্তিত হৈ পৰিছে । দিনে নিশাই খহনীয়াৰ প্ৰচণ্ড শব্দৰ লগতে মৃত্যুৰ আশংকাত বিনিদ্ৰ ৰজনী পাৰ কৰিছে নৈপৰীয়া এই পৰিয়াল সমূহে ।

ইফালে, ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা কৰ'ণা মহামাৰীৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা কঠোৰ কভি'ড নীতিৰ বাবে বৰ্তমান দৈনিক আৰু সপ্তাহিক বজাৰ সমূহো বন্ধ হৈ পৰাৰ ফলত গভীৰ অনিশ্চয়তা নামি আহিছে মৰিগাঁও, কুলিগাঁও,ৰংমলা, বিন্ধাকটাৰ শাক-পাচলিৰ খেতি কৰি জীৱন নিৰ্বাহ কৰা কৃষক সকলৰ।

মুৰৰ ঘাম মাটিত পেলাই অশেষ কষ্টৰ বিনিময়ত উৎপাদন কৰা বিভিন্ন প্ৰজাতিৰ শাক পাচলি সমূহ এতিয়া বিক্ৰী কৰিবলৈ বজাৰ নোহোৱাত এইদৰে এতিয়া পথাৰতে গেলিবলৈ ধৰিছে শাক-পাচলি ৷ উপায়হীন হৈ ৰাইজে গৰু ছাগলীক ভক্ষণ কৰিবলৈ এৰি দিছে কষ্টৰ ফচলসমূহ ।

একমাত্ৰ কৃষিৰ ওপৰতেই নিৰ্ভৰ কৰি জীৱন জীৱিকা পৰিচালনা কৰা এইসকল কৃষকৰ জীৱনলৈ ক'ভিড পৰিস্থিতিয়ে আনি দিয়া ঘোৰ অন্ধকাৰৰ বাবে এক হাহাকৰ পৰিস্থিতিৰ সন্মুখীন তেওঁলোক ।

উপায়ন্তৰ হৈ কৃষক সকলে নৱ- নিৰ্বাচিত বিধায়ক পোনাকণ বৰুৱা আৰু অসম চৰকাৰৰ কৃষি বিভাগক হাট বজাৰ অবিহনে এতিয়া নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰি লোকচানৰ সন্মুখীন হোৱা কৃষক সকলৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আৰ্থিক সাহাৰ্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক :নাৰায়ণপুৰ থানাৰ পৰা হেণ্ডকাফ খুলি চোৰৰ পলায়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.