ETV Bharat / state

ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা

খোৱাঙৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে জ্বলিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা ৷ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাত হোৱা বিসংগতিৰ বাবে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে সাব্য়স্ত কৰে প্ৰতিবাদ ৷

author img

By

Published : Sep 23, 2020, 4:47 PM IST

Effigy burn in 37 national highway in moran assam etv bharat news
আছুৰ প্ৰতিবাদ

মৰাণ,23 ছেপ্তেম্বৰ: দুৰ্নীতি আৰু শূন্য সহনশীলতাৰ শ্লোগান দিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত পৰিচালিত গৃহ বিভাগ পৰিণত হৈছে দুৰ্নীতিৰ মুকলি বজাৰলৈ ৷ গৃহ বিভাগৰ অধীনষ্ঠ অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ ৫৯৭ টা পদৰ বাবে বিগত 20 ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনসমূহ ৷ বুধবাৰে এই কাণ্ডৰ বাবে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ ডিব্ৰুগড় জিলা আছুৰ সহকাৰী সম্পাদক ৰাহুল কোঁৱৰ উপস্থিত থকা প্ৰতিবাদী কাৰ্যসূচীটোত আছু নেতা-কৰ্মীসকলে ৰাজপথ অৱৰোধ কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ লগতে ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী সোণোৱালৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদস্থলীত ৷

লগতে চাওকঃ কোভিডৰ মৃত্যুৰ ক্ষেত্ৰত কেন্দ্ৰৰ বিভ্ৰান্তিকৰ স্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.