ETV Bharat / state

Constituency Delimitation 2023: ডিব্ৰুগড় জিলাৰ নতুন সমষ্টি নিৰ্ধাৰণক লৈ 21 জুলাইত অনুষ্ঠিত হ'ব শুনানি - ডিব্ৰুগড় জিলা

ডিব্ৰুগড়ত নিৰ্বাচন আয়োগৰ সমষ্টি নিৰ্ধাৰণক লৈ অনুষ্ঠিত হ'ল সজাগতা সভা ৷ সমষ্টি নিৰ্ধাৰণক লৈ যিসকলে ডিব্ৰুগড় জিলাৰ পৰা নিৰ্বাচন আয়োগলৈ আবেদন কৰিছিল সেই শুনানি ডিব্ৰুগড় জিলাৰ বাবে 21 জুলাইত গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব ৷

ECI Public Hearing on Delimitation Draft Proposal
সজাগতা সভা
author img

By

Published : Jul 19, 2023, 9:09 AM IST

ডিব্ৰুগড় জিলাৰ বাবে 21 জুলাইত কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব শুনানি

ডিব্ৰুগড়, 18 জুলাই: নিবাৰ্চন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ খচৰা প্ৰকাশ কৰাৰ পাছতেই ৰাজ্যত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়াৰ ৷ মঙলবাৰৰ দিনটোতো প্ৰকাশিত খচৰাত সমষ্টি বিলুপ্তিকৰণক সন্দৰ্ভত বিভিন্ন জিলাত অব্যাহত থাকিল প্ৰতিবাদ আৰু ধৰ্ণা ৷ ৰাজ্যত অব্যাহত থকা প্ৰতিবাদ তথা প্ৰতিক্ৰিয়াৰ মাজতে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাইজৰ মতামত গ্ৰহণ কৰিবলৈ বুধবাৰে অসমলৈ আহিব কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ দল ৷

নিৰ্বাচন আয়োগৰ নতুন সমষ্টি নিৰ্ধাৰণক লৈ মঙলবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয় এখনি সজাগতা সভা ৷ নতুন সমষ্টি নিৰ্ধাৰণক লৈ যিসকলে ডিব্ৰুগড় জিলাৰ পৰা নিৰ্বাচন আয়োগলৈ আবেদন কৰিছিল সেই শুনানি ডিব্ৰুগড় জিলাৰ বাবে 21 জুলাইত গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব ৷ মঙলবাৰে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই সন্দৰ্ভত ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত এখন সজাগতামূলক সভা অনুষ্ঠিত হয় ৷ কেনেকৈ নিৰ্বাচন আয়োগৰ ওচৰত ডিব্ৰুগড় জিলাৰ নতুন সমষ্টি নিৰ্ধাৰণৰ ক্ষেত্ৰত কম সময়ৰ ভিতৰত ৰাজহুৱা শুনানি দাঙি ধৰিব পাৰে সেই বিষয়ে দল সংগঠনৰ প্ৰতিনিধিৰ লগতে বিভিন্ন আবেদনকাৰীসকলক অৱগত কৰে জিলা প্ৰশাসনে ৷

অসমত 19 জুলাইৰ পৰা 21 জুলাইলৈ গুৱাহাটীৰ কলাক্ষেত্ৰত নিৰ্বাচন আয়োগে শুনানি গ্ৰহণ কৰিব ৷ ডিব্ৰুগড় জিলাৰ বাবে 21 জুলাইৰ পুৱা 9.30 বজাৰ পৰা 12.30 বজালৈ শুনানি গ্ৰহণৰ সময় নিৰ্ধাৰণ কৰা হৈছে ৷ মঙলবাৰে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সজাগতা সভাত ডিব্ৰুগড় জিলা আয়ুক্ত বিশ্বজিত পেগু, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ, ডিব্ৰুগড় জিলা নিৰ্বাচনী বিষয়া উপস্থিত থাকে ৷ এই সজাগতা সভাত জিলাখনৰ কেইবাটাও দল-সংগঠনৰ বিষয়ববীয়া আৰু সচেতন নাগৰিক সকলে অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণ কৰিছে নিৰ্বাচন আয়োগে ৷ তাক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সমষ্টিবাসী ৰাইজে ৷ ইয়াৰ লগতে জিলাখনৰ মৰাণ, টিংখাং সমষ্টিৰ বহু কেইটা পঞ্চায়ত সালসলনি কৰাক লৈ ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰি নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিছিল স্মাৰক পত্ৰ ৷

লগতে পঢ়ক: Foundation Day of UBPO: সংযুক্ত বড়ো গণ মঞ্চৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.