ETV Bharat / state

লকডাউনৰ সময়চোৱাত ডিব্ৰুগড়ৰ আখৰা ঘৰৰ বিশেষ পদক্ষেপ - ডিব্ৰুগড়

শিশু তথা কিশোৰ-কিশোৰীৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে ডিব্ৰুগড়ৰ আখৰা ঘৰে লৈছে বিশেষ পদক্ষেপ ৷ নাট্যকাৰ অসীম শৰ্মাৰ তত্বাৱধানত আয়োজন কৰা এক বিশেষ অনলাইন কৰ্মশালাৰ জৰিয়তে শিশুৰ গ্ৰীষ্মকালীন কৰ্মশালা, নাটক, আবৃত্তি, কিছু আনন্দ, যোগাসন, কল্পনাশক্তি, বৈজ্ঞানিক চিন্তা নাটকৰ যোগেদি শিক্ষা ইত্যাদি বিষয়ত 15 দিনৰ বাবে আয়োজন কৰা হৈছে এই কৰ্মশালাখন ৷

During the lockdown the Dibrugarh Akhara griha took special initiative
লকডাউনৰ সময়চোৱাত ডিব্ৰুগড়ৰ আখৰা ঘৰৰ বিশেষ পদক্ষেপ
author img

By

Published : Jun 17, 2021, 10:49 PM IST

ডিব্ৰুগড়,17 জুন: লকডাউনৰ সময়চোৱাত শিশু তথা কিশোৰ-কিশোৰীৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে তিনি দশক পুৰণি ডিব্ৰুগড়ৰ আখৰা ঘৰে লৈছে বিশেষ পদক্ষেপ ৷ সৰ্বভাৰতীয় পৰ্যায়ত চিনাকি অসমৰ আগশাৰীৰ নাট্য গোষ্ঠী তথা নাট প্ৰশিক্ষণৰ অন্যতম কেন্দ্ৰ ৰূপে পৰিচিত ডিব্ৰুগড়ৰ আখৰা ঘৰে নাট্যকাৰ অসীম শৰ্মাৰ তত্বাৱধানত আয়োজন কৰিছে এক বিশেষ অনলাইন কৰ্মশালা ৷

Online workshop
অনলাইন কৰ্মশালা

যাৰ জৰিয়তে শিশুৰ গ্ৰীষ্মকালীন কৰ্মশালা, নাটক,আবৃত্তি, কিছু আনন্দ, যোগাসন, কল্পনাশক্তি, বৈজ্ঞানিক চিন্তা নাটকৰ যোগেদি শিক্ষা ইত্যাদি বিষয়ত 15 দিনৰ বাবে আয়োজন কৰা হৈছে এই কৰ্মশালাখন ৷ বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা তথা আখৰা ঘৰৰ তত্বাৱধায়ক অসীম কুমাৰ শৰ্মাৰ তত্বাৱধানত এই কৰ্মশালা নিতৌ এঘণ্টাৰ বাবে প্ৰচাৰ কৰা হ'ব ৷

লকডাউনৰ সময়চোৱাত ডিব্ৰুগড়ৰ আখৰা ঘৰৰ বিশেষ পদক্ষেপ

উল্লেখ্য যে, মুঠ তিনিটা পৰ্যায়ত কলা সংস্কৃতিৰ চৰ্চাৰে উৎকৰ্ষ সাধনৰ এই কৰ্মশালাখন সম্পাদন হ'ব ৷ সেই অনুসৰি দিনৰ ১২ বজাৰ পৰা ১ বজালৈ, ২ বজাৰ পৰা ৩ বজালৈ, ৪ বজাৰ পৰা ৫ বজালৈ সময় সীমা নিৰ্ধাৰণ কৰিছে আখৰা ঘৰে ৷ শীঘ্ৰে আৰম্ভণিৰ দিন ঘোষণা কৰিবলগীয়া এই কৰ্মশালাত যোগদানৰ বাবে 99544-49554 নম্বৰত যোগযোগ কৰিব পাৰে বুলিও জানিবলৈ দিছে নাট্য গোষ্ঠীটোৰ তত্বাৱধায়ক গৰাকীয়ে ৷ সম্প্ৰতি এটা ছেছনত 20 গৰাকী শিশু তথা কিশোৰ-কিশোৰে অংশ গ্ৰহণ কৰিব পাৰিব ৷

লগতে পঢ়ক: ফলক বিহীন চামগুৰিৰ এটা বিয়াগোম বিভাগৰ কাৰ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.