মৰাণ,২৫ মে': ৰাজ্যত এতিয়া নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে । ডিব্ৰুগড় আৰক্ষীয়েও জিলাখনত অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । সোমবাৰে নিশা দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্য সহ নগদ ধন জব্দ কৰে ।
জানিব পৰা মতে আৰক্ষীৰ দলটোৱে ৯৭ টা সৰু কণ্টেইনাৰত নিষিদ্ধ হেৰ'ইন, প্ৰায় ২৫ কিলোগ্ৰাম গাঞ্জা ,দুটা চিৰিঞ্জ জব্দ কৰে । ইয়াৰোপৰি ML-১০-B-৮১০৪ নম্বৰৰ বিলাসী বাহন,চাৰিটা ম'বাইল ফোন আৰু ১ লাখ ৮৮ হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে ।
এই অবৈধ ব্যৱসায়ৰ লগত জড়িত ৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হয় । এগৰাকী মহিলাসহ বিজু গড়, দুলীয়াজান অইল ইণ্ডিয়া আৱাসিক এলেকাৰ এ টাইপ ৮৫৮ আৱাসগৃহৰ পৰা সবীত বাল্মিকী, শান্তনু বড়া আৰু পুস্কু আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুলীয়াজান আৰক্ষী ।
লগতে পঢ়ক :অসম-বংগত সীমান্তত উপস্থিত হৈ অখিল গগৈ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ