মৰাণ, 19 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আছু কৰ্মীৰে ভৰি পৰিছে দুলীয়াজান চলাকটকী ৰাজহুৱা খেলপথাৰ। দুলীয়াজান চলাকটকী খেল পথাৰৰ পৰা আৰম্ভ হ'ল সপ্তদশ সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনৰ সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা ।
অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সাংস্কৃতিক নিদৰ্শন পৰিস্ফুট হৈছে সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাত । শোভাযাত্ৰা উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই। আছুৰ কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়াই এই শোভাযাত্ৰাত অংশ লোৱা দেখা গ'ল । গায়ন-বায়ন,বিহু,ভাওনা,বিভিন্ন জনগোষ্ঠীয় নৃত্য,হাতী লৈ কৰা শোভাযাত্ৰাই ৰাইজক আকৰ্ষিত কৰা দেখা গৈছে ।
অসমৰ বিভিন্ন জিলাৰ আছু প্ৰতিনিধি সকলে পৃথকে পৃথকে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান,শোভাযাত্ৰাত প্ৰদৰ্শন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশন অধিক সাফল্যমণ্ডিত কৰি তুলিছে। মুঠৰ ওপৰত দুলীয়াজান চলাকটকী খেল পথাৰত আছু কৰ্মী সকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উচাহ ৷
লগতে পঢ়ক: বৰঙাবাৰীত হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিব নাৰ্চিং বিদ্যালয়ৰ আধাৰশিলা