ETV Bharat / state

আছুৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ আজি দ্বিতীয় দিন

author img

By

Published : Nov 19, 2020, 9:30 PM IST

আজিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পন হৈ যায়। পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথে আৰু শ্বহীদ তৰ্পন কৰে সম্পাদক লুৰিণ জ্যোতি গগৈয়ে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্র সন্থাৰ বিষয়ববীয়া আহি উপস্থিত হৈছে অধিৱেশনস্থলীত ৷

duliajan-aasu-conference
আছুৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ আজি দ্বিতীয় দিন

তিনিচুকীয়া, 19 নৱেম্বৰ: সমগ্ৰ ৰাজ্যৰ আছু কৰ্মীৰে ভৰি পৰিছে দুলীয়াজানৰ চলাকটকী ৰাজহুৱা খেলপথাৰ । সাহস আৰু নতুন উদ্যমেৰে জাতিটোৰ বাবে কাম কৰিবলৈ ওলাই অহা এদল ছাত্ৰৰ সমাহাৰ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনত । আছু কৰ্মীসকলৰ মাজত দেখা গৈছে ব্যাপক উছাহ ৷ বুধবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশন ।

বৃহস্পতিবাৰে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সাংস্কৃতিক নিদৰ্শন পৰিস্ফুট হৈছে দুলীয়াজান চলাকটকী খেল পথাৰত অনুষ্ঠিত সপ্তদশ সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনৰ সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাত । শোভাযাত্ৰা উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই ।

লগতে পঢ়ক: সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনস্থলীত সাংস্কৃতিক শোভাযাত্ৰা সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.