ডিব্ৰুগড়, ২০ মে': কৰ'ণা আক্ৰান্তৰ সংখ্যা পূৰ্বতকৈ সামান্য হ্ৰাস হৈছে যদিও মহামাৰীৰ সংহাৰ এতিয়াও শেষ হোৱা নাই । সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি হৈছে কৰ'ণা ৰোগীৰ মৃত্যুৰ সংখ্যা । চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলতো ক্ৰমে কৰ'ণাত মৃত্যুৰ সংখ্যা বাঢ়িছে । সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক প্ৰভাৱান্বিত হৈছে এই মহামাৰীৰ ফলত ।
পুনৰ অসমত অতিমাৰীয়ে প্ৰাণ ল'লে এগৰাকী বিশিষ্ট শিক্ষাবিদৰ । ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ শিৱকান্ত দত্তই মহামাৰীৰ বাবেই মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় । কৰ'ণাত আক্ৰান্ত হৈ তেওঁ কিছুদিন ধৰি ডিব্ৰুগড়ৰ আদিত্য চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । কিন্তু অৱশেষত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । তেওঁৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰা দেখা গৈছে ।
লগতে পঢ়ক: ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ বৰপেটাত উপস্থিত মুখ্যমন্ত্ৰী