ডিব্ৰুগড়, 27 মাৰ্চঃ ব্যতিক্ৰমী চিন্তাধাৰাৰে ডিব্ৰুগড়ৰ ৰাজপথতত এদল তৰুণ-তৰুণী ৷ নিজক লৈ নহয় সমাজৰ বাবে কিবা এটা কৰিবলৈ উৎসাহী এইসকল শিক্ষিত যুৱক-যুৱতী ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ, শিক্ষাৰ্থী,কানৈ কলেজৰলগতে কেইবাখনো মহাবিদ্যালয় শিক্ষাৰ্থী,স্থানীয় যুৱকৰ সহযোগত "পথিক" নামৰ গোটৰ উদ্যোগত বাটৰ নাট প্ৰদৰ্শনেৰে দুৰাৰোগ্য কেঞ্চাৰ ৰোগীক সকাহ দিয়াৰ চেষ্টা এইসকল যুৱক-যুৱতীৰ ৷
ডিব্ৰুগড়ত বাটৰ নাট প্ৰদৰ্শনেৰে কেঞ্চাৰ ৰোগীক সহায়ৰ হাত শিক্ষাৰ্থীৰ - cancer victims
নিজ প্ৰতিভাৰে জনতাক আমোদ প্ৰদান কৰাৰ লগতে দুৰাৰোগ্য কেঞ্চাৰ ৰোগীক সহায় আগবঢ়োৱা এক মহৎ উদেশ্যৰে ৰাজপথত বাটৰ নাট কৰি ধন সংগ্ৰহ কৰিছে শিক্ষাৰ্থীসকলে
কেঞ্চাৰ ৰোগীক সহায়ৰ হাত শিক্ষাৰ্থী
ডিব্ৰুগড়, 27 মাৰ্চঃ ব্যতিক্ৰমী চিন্তাধাৰাৰে ডিব্ৰুগড়ৰ ৰাজপথতত এদল তৰুণ-তৰুণী ৷ নিজক লৈ নহয় সমাজৰ বাবে কিবা এটা কৰিবলৈ উৎসাহী এইসকল শিক্ষিত যুৱক-যুৱতী ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ, শিক্ষাৰ্থী,কানৈ কলেজৰলগতে কেইবাখনো মহাবিদ্যালয় শিক্ষাৰ্থী,স্থানীয় যুৱকৰ সহযোগত "পথিক" নামৰ গোটৰ উদ্যোগত বাটৰ নাট প্ৰদৰ্শনেৰে দুৰাৰোগ্য কেঞ্চাৰ ৰোগীক সকাহ দিয়াৰ চেষ্টা এইসকল যুৱক-যুৱতীৰ ৷
Dib_27mrch_DU_student's _Street_show_for_cancer_victims_
:এদল তৰুণ তৰুণী।
উদ্যমী-উৎসাহী,কিবা এটা কৰাৰ।
নিজলৈ নহয় আনলৈ,সমাজ জীৱনলৈ।
চান্দা কালেক্টচন
এটা পৰ্বৰ দৰে ব্যৱহাৰ কৰাতো বৰ্তমান সাধাৰণ কথাত পৰিণত হোৱাৰ সময়তে এই সকল যুৱ প্ৰজন্মই দাঙি ধৰিছে আদৰ্শ বহুজনলৈ নিজৰ ব্যতিক্ৰমী চিন্তাৰে।দুৰাৰোগ্য কেঞ্চাৰৰ বিৰুদ্ধে থিয় দিয়াৰ এক মহৎ উদেশ্যৰে তেওঁলোকেও সংগ্ৰহ কৰিছে অৰ্থ,কিন্তু বিনিময়ত কৰিছে পৰিশোধ ৰাইজক আমোদ প্ৰদান কৰি।
ষ্ট্ৰীট শ্বো'ৰ যোগেদি
দিনটোৰ ব্যস্ত কৰ্মজীৱনৰ পাছত
ঘৰমুৱা হোৱা সকলৰ বা সন্ধিয়া বজাৰ সমাৰলৈ উলাই অহা বহুজনৰ বাবে
সুমধুৰ সংগীতৰ লহৰ তুলি
ন-পুৰণি জনপ্ৰিয় গীত পৰিবেশনেৰে এই সকল তৰুণ প্ৰজন্মই বিচাৰিলে অকণমান সহযোগিতা কেঞ্চাৰ ৰোগীক সহায়ৰ।দাবীও নহয়,সংগীতৰ নিজ প্ৰতিভাৰে মুগ্ধ কৰাৰ লগে লগেই
দানপাত্ৰৰ ওচৰলৈ আগবাঢ়িল বহুজন।
এইদৰেই ডিব্ৰুগড়ৰ শ্বপিং মল শ্বোহাম স্বপীৰ সন্মূখত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গবেষক ছাত্ৰ, শিক্ষাৰ্থী,কানৈৰ লগতে কেইবাখনো মহাবিদ্যালয় শিক্ষাৰ্থী,স্থানীয় যুৱকৰ সহযোগিতাত "পথিক" নামৰ গোটোৰ উদ্যোগত ব্যস্ত চিলেবাচৰ মাজতে এই সকল শিক্ষাৰ্থীয়ে কেঞ্চাৰ ৰোগীক আৰ্থিক সহায়ৰ বাবে ওলাই অহা দেখা গ'ল।
Byte: 1st জ্ঞানশ্ৰী বৰা, গবেষক ছাত্ৰী ডিব্ৰুগড় বিশ্ববিদ্যালয়(চচমা নিপিন্ধা গৰাকী)
Byte: 2 শিক্ষাৰ্থী
ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ
Etv Bharat Assam