ETV Bharat / state

ছাত্ৰ মুক্তিত যোগদান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীৰ - ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী

দেওবাৰে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যালয়ত আনুষ্ঠানিকভাৱে ছাত্ৰ মুক্তিত যোগদান কৰে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক তথা CAA আন্দোলনত সক্ৰিয়ভাৱে জড়িত থকা ৰাহুল ছেত্ৰীয়ে ৷

ছাত্ৰ মুক্তিত যোগদান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীৰ

author img

By

Published : Dec 20, 2020, 9:43 PM IST

Updated : Dec 20, 2020, 10:33 PM IST

ডিব্ৰুগড়, 20 ডিচেম্বৰ: ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত যোগদান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক তথা CAA আন্দোলনত সক্ৰিয়ভাৱে জড়িত থকা ৰাহুল ছেত্ৰীৰ ৷ দেওবাৰে ছাত্ৰ মুক্তিত যোগদান কৰা ৰাহুলক ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে সহকাৰী সাধাৰণ সম্পাদকৰ দ্বায়িত্বভাৰ অৰ্পণ কৰে ৷ দেওবাৰে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যালয়ত আনুষ্ঠানিকভাৱে ৰাহুল ছেত্ৰীয় কৃষক মুক্তিৰ ভাতৃ সংগঠনটোত যোগদান কৰে ৷

ৰাহুল ছেত্ৰীক লৈ যথেষ্ট আশাবাদী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীৰ লগতে আন বহু যুৱ শক্তি

উল্লেখ্য যে, CAA আন্দোলনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সক্ৰিয় ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল ছাত্ৰনেতা গৰাকীক ৷ যাৰ বাবে নিয়াৰ দ্বাৰা ৰাহুলক ২০২০ চনৰ ১৯ ফেব্ৰুৱাৰীত চমনো জাৰি কৰা হৈছিল ৷ ইয়াৰ পাছতে নিয়াই জেৰা চলাইছিল ৰাহুলক ৷

CAA আন্দোলনত সক্ৰিয়ভাৱে জড়িত আছিল ছাত্ৰনেতা গৰাকী

আনহাতে অন্য এক ঘটনামৰ্মে এটা অচিনাকী নম্বৰৰ পৰা ফোনযোগে মৃত্যুৰ ভাবুকিৰো সন্মুখীন হৈছিল ৰাহুল ছেত্ৰী ৷ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা CAA আন্দোলনৰ নেতৃত্ব প্ৰদানৰ অভিযোগত ডিব্ৰুগড় সদৰ থানাই ৰাহুলক ২০১৯ বৰ্ষৰ ৯ ডিচেম্বৰত গ্ৰেপ্তাৰো কৰিছিল ৷

ৰাহুল ছেত্ৰী
ৰাহুল ছেত্ৰী

ছাত্ৰ ৰাজনীতিতে যথেষ্ট ঘাত-প্ৰতিঘাতৰ মাজেৰে আগবঢ়া ছাত্ৰ নেতা ৰাহুলৰ নতুন যাত্ৰাক লৈ যথেষ্ট আশাবাদী আৰু উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীৰ লগতে আন বহু যুৱ শক্তিৰ মাজত ৷

লগতে পঢ়ক: ডিব্ৰুগড়ত মটক ছাত্ৰ সন্থাৰ সাধাৰণ পৰিষদৰ সভা

Last Updated : Dec 20, 2020, 10:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.