ETV Bharat / state

ডিব্ৰুগড়ত ২ আৰু ৩ মে'ত ড্ৰাই ডে ঘোষণা

author img

By

Published : Apr 30, 2021, 9:11 PM IST

সমগ্ৰ ৰাজ্যতে ২ আৰু ৩ মে'ত ড্ৰাই ডে ঘোষণা কৰা হৈছে । ডিব্ৰুগড় জিলাৰো উপায়ুক্তই দিয়া এক নিৰ্দেশনা অনুসৰি উক্ত দুয়োটা দিনতে সংশ্লিষ্ট জিলাখনতো ড্ৰাই ডে ঘোষণা কৰা হৈছে ।

dry day at dibrugarh
ডিব্ৰুগড়ত ২ আৰু ৩ মে'ত ড্ৰাই ডে ঘোষণা

ডিব্ৰুগড়,৩০ এপ্ৰিল: অহা ২ মে'ত অনুষ্ঠিত হ'ব ৰাজ্যৰ ভোটগণনা প্ৰক্ৰিয়া । ইতিমধ্যে নিৰ্বাচন আয়োগ তথা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে । নিৰ্বাচনৰ ফলাফলৰ সময়ত কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে সষ্টম হৈছে প্ৰশাসন ।

যাৰ ফলস্বৰূপে ইতিমধ্যে সমগ্ৰ ৰাজ্যতে ২ আৰু ৩ মে'ত ড্ৰাই ডে ঘোষণা কৰা হৈছে । ইয়াৰ পিছতে প্ৰতিখন জিলাৰ উপায়ুক্তই বিশেষ নিৰ্দেশনা জাৰি কৰিছে । ডিব্ৰুগড় জিলাৰো উপায়ুক্তই দিয়া এক নিৰ্দেশনা অনুসৰি উক্ত দুয়োটা দিনতে সংশ্লিষ্ট জিলাখনতো ড্ৰাই ডে ঘোষণা কৰা হৈছে ।

উক্ত দিনকেইটাত সুৰাৰ ব্যৱসায়,বিক্ৰী,মজুত,সুৰাপান আদি নিষিদ্ধ কৰা হৈছে । অৱশ্যে ৩ মে'ৰ পুৱা ১১ বজাৰ পূৰ্বে যদি ভোটগণনা সম্পূৰ্ণ হয় তেনেহ'লে সেইদিনটোত এই নিৰ্দেশনা প্ৰযোজ্য নহ'ব ।

লগতে পঢ়ক:শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.