ETV Bharat / state

বানে ভাবুকি কঢ়িয়াইছে ডিব্ৰুগড় চহৰলৈ - ব্ৰহ্মপুত্ৰৰ বানত প্লাবিত

ডিব্ৰুগড়ৰ ৰক্ষাকৱজ আৰু বিপদ সীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ মথাউৰিত পানীৰ গতি ৰোধ কৰিবলৈ দিয়া বালিৰ বস্তাৰ তলেৰে সৰকিছে পানী ৷ বৰ্তমানেও ডিব্ৰুগড়ত সোমাইয়েই আছে ব্ৰহ্মপুত্ৰৰ পানী ৷

বানে ভাবুকি কঢ়িয়াইছে ডিব্ৰুগড় চহৰলৈ
বানে ভাবুকি কঢ়িয়াইছে ডিব্ৰুগড় চহৰলৈ
author img

By

Published : Jul 11, 2020, 10:58 PM IST

ডিব্ৰুগড়, 11 জুলাইঃ শুকুৰবাৰে নিশা ডিব্ৰুগড়ৰ চহৰৰ সমীপৰ মোহনাঘাটত সংঘটিত ভয়াৱহ পৰিস্থিতি ৷ ৰিংবান্ধ ভাঙি ডিব্ৰুগড়ত সোমাল ব্ৰহ্মপুত্ৰৰ পানী । ইয়াৰ পাচতে ঐতিহাসিক চহৰখনলৈ প্ৰতি পলতে বৃদ্ধি পাইছে প্ৰৱল ভাবুকি । উল্লেখযোগ্য যে,ইতিমধ্যে চহৰখনৰ 200 ৰো অধিক ঘৰ ব্ৰহ্মপুত্ৰৰ বানত প্লাৱিত হৈ পৰিছে ৷

বানে ভাবুকি কঢ়িয়াইছে ডিব্ৰুগড় চহৰলৈ

মোহনাঘাটৰ ভঙা আলিৰ সমীপত কেইটামান বালিৰ বস্তাৰে ভঙা ৰিংবান্ধেৰে সৰকি অহা পানী ৰোধৰ চেষ্টা চলাইছে বিধায়ক প্ৰশান্ত ফুকন আৰু জলসম্পদ বিভাগে ৷

কেৱল মোহনাঘটেই নহয়,দীঘলা গাঁৱৰ মথাউৰীৰ অৱস্থাও বিপদজক হৈ আছে ৷ এন্দুৰ আৰু উই পৰুৱাই খন্দা গাতেৰে সৰকি আছে পানী। যাৰ ফলত বহি গৈছে মথাউৰীৰ এক অংশ ৷ যি কোনো মুহূৰ্ততে ছিঙিব পাৰে মথাউৰিটো ৷

আতংকিত হৈ পৰা বহু স্থানীয় ৰাইজে ভঙা ৰিংবান্ধতেই আশ্ৰয় লৈছে ৷ অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰা ব্ৰহ্মপুত্ৰৰ পানী ডিব্ৰুগড়ত বিপদ সীমাৰ বহু ওপৰেৰে বৈ আছে ৷ যি কোনো সময়তে বাঢ়ি অহা পানীয়ে অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰি ডিব্ৰুগড়ৰ চহৰ আৰু ইয়াৰ উপকণ্ঠ বৃহৎ অঞ্চল বুৰাই পেলাব পাৰে ৷

ইফালে এই বানে আৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিলে কেৱল মোহনাঘাট,ভঙাআলি,বগীবিল, মিঞ পট্টিয়েই নহয়,চহৰৰ আমোলাপট্টি, জপৰাগাওঁ,বৰপথাৰ,বিশ্ববিদ্যালয়কে ধৰি ঐতিহাসিক ডিব্ৰুগড়ৰ চহৰখনেই পানীত বুৰ যোৱাৰ প্ৰৱল সম্ভাৱনাই দেখা দিছে ।

লহতে পঢ়কঃ অখিল গগৈঃ গোলাঘাটত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.