স্বচ্ছতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে প্ৰদৰ্শন বাটৰ নাট - ডিব্ৰুগড় পৌৰসভা
শুকুৰবাৰে স্বচ্ছতাৰ প্ৰয়োজনীয়তা,গোটা আৰু জুলীয়া আৱৰ্জনা পৃথকে পৃথকে নিষ্কাশন কৰা সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ডিব্ৰুগড় পৌৰসভাৰ উদ্যোগত ডিব্ৰুগড় নগৰৰ চৌকিডিংগী,এইছ এছ ৰোড,নিউ মাৰ্কেট, মাৰোৱাৰীপট্টী,পল্টন বজাৰ আদি অঞ্চলত স্বচ্ছ ভাৰত অভিযান (চহৰাঞ্চল)ৰ অধীনত বাটৰ নাট অনুষ্ঠিত কৰা হয় ৷

মৰাণ, 6 ফেব্ৰুৱাৰী : শুকুৰবাৰে ডিব্ৰুগড় পৌৰসভাৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান (চহৰাঞ্চল)ৰ অধীনত অনুষ্ঠিত কৰা হয় বাটৰ নাট ৷ স্বচ্ছতাৰ প্ৰয়োজনীয়তা,গোটা আৰু জুলীয়া আৱৰ্জনা পৃথকে পৃথকে নিষ্কাশন কৰা সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ডিব্ৰুগড় পৌৰসভাৰ উদ্যোগত ডিব্ৰুগড় নগৰৰ চৌকিডিংগী,এইছ এছ ৰোড,নিউ মাৰ্কেট,মাৰোৱাৰীপট্টী,পল্টন বজাৰ ইত্যাদি অঞ্চলত অনুষ্ঠিত কৰা হয় বাটৰ নাট ৷

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ডিব্ৰুগড়তো ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে স্বচ্ছতাৰ অভাৱ ৷ সেই উদ্দেশ্যে ডিব্ৰুগড় পৌৰসভাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই বাটৰ নাটৰ কাৰ্যসূচী ৷

‘স্বচ্ছ ভাৰত অভিযান’ হৈছে ভাৰত চৰকাৰৰ উদ্যোগত চলা এক অভিযান ৷ যাৰ উদ্দেশ্য সকলোকে দ্ৰুতগতিত সাৰ্বজনীন অনাময় ব্যৱস্থাৰ আওঁতালৈ আনি ব্যক্তিগত অনাময় ব্যৱস্থাৰ আৱশ্যকতা আৰু দেশখনক চাফ-চিকুন কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি মানুহক সচেতন কৰি তোলা। চৰকাৰে এই অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও বৰ্তমানলৈকে বহু ৰাইজৰ মাজত স্বচ্ছতাক লৈ সজাগতা সৃষ্টি হোৱা পৰিলক্ষিত হোৱা নাই ৷
সেয়ে ডিব্ৰুগড় পৌৰসভাই শুকুৰবাৰে হাতত লৈছে এই বিশেষ পদক্ষেপ ৷
লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ সভা বৰ্জন কৰিবলৈ চাহ শ্ৰমিকক আহ্বান আটছাৰ