ডিব্ৰুগড়,27 এপ্ৰিল: ৰাজ্যত দ্ৰুত সংক্ৰমণ হৈছে মহামাৰী কৰ’ণা ভাইৰাছৰ ৷ কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰদান কৰিছে ক’ভিডৰ টীকাকৰণ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাত প্ৰদান কৰা হৈছে কৰ’ণাৰ টীকাকৰণ ৷ ডিব্ৰুগড় জিলাত কৰ’ণাৰ টীকাকৰণ প্ৰদানৰ সন্দৰ্ভত সোমবাৰে জিলা টীকাকৰণ বিষয়া ডাঃ বিশ্বজিৎ বৰুৱাই প্ৰদান কৰিছে মন্তব্য ৷
ডিব্ৰুগড় জিলাত ভেকচিন প্ৰদান কেন্দ্ৰত কেনে ধৰণৰ নীতি-নিয়ম মানি চলা হৈছে, সেই সন্দৰ্ভত মন্তব্য কৰিছে জিলা টীকাকৰণ বিষয়া ডাঃ বিশ্বজিৎ বৰুৱাই ৷ বিষয়া গৰাকীৰ মতে, ভেকচিন প্ৰদানৰ বেলিকা মাস্ক পৰিধান কৰা, এক মিটাৰ সামাজিক দূৰত্ব মানি চলাৰ বাবে প্ৰশাসনে দিয়া সকলো নিদেৰ্শনা টীকাকৰণ প্ৰদান কেন্দ্ৰত বাহাল ৰাখিছে । অনাহাতে, টীকাকৰণ প্ৰদান কেন্দ্ৰত অবাঞ্চিত ভীৰ কৰিব নোৱাৰিব ৰাইজে । ৰাইজে অবাঞ্চিত ভীৰ কৰিলে তেনে কেন্দ্ৰসমূহ প্ৰশাসনে বন্ধ কৰি দিব । আনহাতে, জিলা স্বাস্থ্য বিভাগৰ জিলা টীকাকৰণ বিষয়া গৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক চৰকাৰৰ নিদেৰ্শনাসমূহ পালন কৰি ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।
জিলা টীকাকৰণ বিষয়া চিকিৎসক ডাঃ বিশ্বজিৎ বৰুৱাই টীকাকৰণ পৰ্যায়ক্ৰমে প্ৰদান কৰি অহাৰ কথা সদৰী কৰাৰ লগতে ৰাইজে এনে সুবিধাৰ পৰা বঞ্চিত হোৱাৰ কোনো আশংকা নাই বুলি মন্তব্য কৰে ৷ তিনি দিনৰ ব্যৱধানত জিলা স্বাস্থ্য বিভাগে টীকাকৰণ প্ৰদান কৰি আহিছে । এগৰাকী এএনএমৰ বিপৰীতে এশ জনক ভেকচিন তথা টীকাকৰণত সামৰি লোৱাৰ কথাও জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে ।
ডিব্ৰুগড় জিলাৰ মুঠ তেত্ৰিশখন প্ৰাথমিক কেন্দ্ৰৰ চিকিৎসালয়ত নিয়মিত এই টীকাকৰণ প্ৰদান কৰি অহা হৈছে । চহৰখনৰ আম্বেদকাৰ কেন্দ্ৰৰ আৰক্ষী নিবাস চাউনীত ৰে’ল বিভাগৰ চিকিৎসালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু জিলা গ্ৰামোন্নয়ন অভিকৰণ আদিত টীকাকৰণ চলি থকাৰ বিষয়ে জানিবলৈ দিয়ে ডাঃ বৰুৱাই ।