ETV Bharat / state

জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ত্য়াগ প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাৰ

author img

By

Published : Feb 6, 2021, 10:47 PM IST

শুকুৰবাৰে ডিব্ৰুগড় জিলা কমিটীৰ সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে ত্য়াগ কৰিলে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাই । সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় জিলাখনৰ অন্য়তম জ্য়েষ্ঠ নেতা দেৱৰঞ্জন গগৈক ।

জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ত্য়াগ প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাৰ
জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ত্য়াগ প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাৰ

মৰাণ, ৬ ফেব্ৰুৱাৰী: ৰাজ্যত বিধানসভা নিৰ্বাচন প্ৰাকক্ষণত ভিন্ন ৰণ নীতি গ্ৰহণ কৰা দেখা গৈছে প্ৰতিটো ৰাজনৈতিক দলে । শীৰ্ষ নেতৃত্বৰ আহ্বানমৰ্মে ইতিমধ্য়ে জিলা সভাপতিৰো দায়িত্ব এৰিছে কংগ্ৰেছৰ কেইবাগৰাকী নেতাই । শুকুৰবাৰে ডিব্ৰুগড় জিলা কমিটীৰ সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে ত্য়াগ কৰিলে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাই । আনহাতে সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় জিলাখনৰ অন্য়তম জ্য়েষ্ঠ নেতা দেৱৰঞ্জন গগৈক । ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখনি গুৰুত্বপূৰ্ণ সভাত নতুন দায়িত্ব গ্ৰহণ কৰি আনন্দিত নেতা গৰাকী । দায়িত্ব গ্ৰহণ কৰি আগন্তুক দিনত সকলো কংগ্ৰেছ কৰ্মীৰ সহযোগিতা কামনা কৰিলে নতুন সভাপতি দেৱৰঞ্জন গগৈয়ে ।

ইফালে এতোৱা মুণ্ডাৰ মতে আগন্তুক নিৰ্বাচনত সমষ্টিটোত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব যাৰ বাবে এই সময়চোৱা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব । লগতে তেওঁ কয় শীৰ্ষ নেতৃত্বৰ আহ্বান মৰ্মে তেওঁ সভাপতিৰ দায়িত্ব ত্য়াগ কৰিছে । ৰাজীৱ ভৱনৰ বিশেষ কাৰ্যসূচীত দুয়োগৰাকীক সম্বৰ্ধনা জনাই দলৰ আন নেতা-কৰ্মীসকলে ৷

লগতে পঢ়ক :কটন বিশ্ববিদ্যালয়ত আৰম্ভ মহিলা অধ্যয়ন কেন্দ্ৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.